/asomiyapratidin/media/media_files/2025/09/14/339-2025-09-14-08-07-30.jpg)
ডিজিটেল ডেস্ক : আজি কৃষ্ণ জন্মাষ্টমী। আজি ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথি ৷ এই পৱিত্ৰ দিনটোতে দুষ্টক দমনৰ লগতে পৃথিৱীবাসীক ৰক্ষা কৰি শুদ্ধ মাৰ্গ প্ৰদৰ্শনৰ অৰ্থে আবিৰ্ভাৱ হৈছিল বিশ্ব জগতৰ প্ৰভু নাৰায়ণ ৷
মাতৃ দৈৱকীৰ গৰ্ভত অৱস্থান কৰি যশোদাৰ উকা আঁচল পুৰাবলৈ এই দিনটোতে ধৰালৈ আগমণ ঘটিছিল শিশু কৃষ্ণৰ ৷ লোকবিশ্বাস অনুসৰি আজি নিশাই দৈবকীৰ গৰ্ভৰ পৰা জন্ম হৈছিল শ্ৰীকৃষ্ণৰ।
হিন্দুসকলৰ এই পৱিত্ৰ বিশ্বাসৰ সৈতে বহু কাহিনী জড়িত হৈ আছে। আজিৰ এই দিনটোত বৃন্দাবন- মথুৰাকে ধৰি অসমতো পালন কৰা হ’ব নিজ নিজ ৰীতি- নীতিৰে জন্মাষ্টমী । ভক্তিৰসত বুৰ যাব ৰাজ্যৰ মঠ-মন্দিৰ, নামঘৰসমূহ।
প্ৰণিধানযোগ্য যে, ভাগৱতত উল্লেখ থকা অনুসৰি ভগৱান কৃষ্ণৰ জন্ম ভাদ মাহৰ কৃষ্ণ পক্ষৰ ৰোহিনী নক্ষত্ৰৰ অষ্টমী তিথিত হৈছিল। অসমতো জন্মাষ্টমী উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। জন্মাষ্টমীক লৈ বিৰাজ কৰিছে উৎসৱমুখৰ পৰিবেশৰ। শিশু কৃষ্ণৰ গুণ-গৰিমা, বন্দনাৰে মুখৰিত হৈছে চৌদিশ।