চম্পা বজাৰ হাইস্কুলত ১৫০ সংখ্যক "জনজাতীয় গৌৰৱ দিৱস" পালন

সমগ্ৰ দেশৰ লগতে চিৰাং জিলাতো স্বাধীনতা সংগ্ৰামী ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত দিনজোৰা কাৰ্য্যসূচীৰে জনজাতীয় গৌৰৱ দিৱস পালন কৰা হয়

author-image
Asomiya Pratidin
New Update
229

ডিজিটেল সংবাদ, চিৰাং : সমগ্ৰ দেশৰ লগতে চিৰাং জিলাতো স্বাধীনতা সংগ্ৰামী ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত দিনজোৰা কাৰ্য্যসূচীৰে জনজাতীয় গৌৰৱ দিৱস পালন কৰা হয়। দেশমাতৃ তথা স্বজাতিৰ প্রেমৰ অনন্য নিদর্শন দাঙি ধৰা ভগৱান বীৰছা মুণ্ডাৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি চম্পাবজাৰ হাইস্কুল প্ৰেক্ষাগৃহত আয়োজন কৰা হয় জনজাতীয় গৌৰৱ দিৱস।

WhatsApp Image 2025-11-15 at 2.13.06 PM

অনুষ্ঠানত ভগৱান বীৰছা মুণ্ডা, স্বাধীনতা সংগ্ৰামী বীৰেন্দ্ৰ নাৰায়ণ ব্ৰহ্ম পাটগিৰি আৰু স্বাধীনতা সংগ্ৰামী তথা বড়ো বিজৌংনি ফাইখি যোগেন্দ্ৰ কুমাৰ বসুমতাৰীৰ প্ৰতিচ্ছবিত পুস্প অৰ্পন আৰু বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। বিটিচিৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য পানীৰাম ব্ৰহ্ম, চিৰাং জিলাৰ অতিৰিক্ত আয়ুক্ত অৰূপ কুমাৰ চৌধুৰীসহ আমন্ত্ৰিত অন্যান্য অতিথিসকলে শ্ৰদ্ধা নিবেদন কৰে । 

WhatsApp Image 2025-11-15 at 2.13.05 PM

অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি চিত্ৰশিল্পী গৌৰব দেৱে লাইভ পেইন্টিংযোগে ভগৱান বীৰছা মুণ্ডাৰ দৃষ্টিনন্দন প্ৰতিচ্ছবি অংকন কৰি অনুষ্ঠানত উপস্থিত লোক সকলৰ দৃষ্টি আকৰ্ষণ কৰে । সামান্তৰালভাৱে অনুষ্ঠিত হয় ছাত্ৰ ছাত্ৰীসকলৰ চিত্ৰাংকন প্ৰতিযোগিতা।

একেদৰে ছোৱালীসকলৰ ফুটবল প্ৰতিযোগিতা আদি কৰি নৃত্য-গীত প্রদর্শন কৰা হয় । আজিৰ এই অনুষ্ঠান সঞ্চালনা কৰে অতিৰিক্ত জিলা আয়ুক্ত ৰাজীৱ কুমাৰ দাসে ।

chirang