/asomiyapratidin/media/media_files/2026/03/01/204-2026-03-01-22-20-49.jpg)
ডিজিটেল সংবাদ, নগাঁও : ৰাজ্যিক বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয়টো দিনৰ কাৰ্যসূচী অনুসৰি দেওবাৰে সন্ধিয়া নগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । হাজাৰ হাজাৰ অনুৰাগী আৰু সমৰ্থকৰ আদৰণি তথা পুষ্প বৃষ্টি লৈ অগ্ৰসৰ হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে নগাঁও জিলাৰ বেবেজীয়া একশৰণ ভাগৱতী সমাজৰ পালনাম থানত সন্ধিয়া ৮ বজাত উপস্থিত হয় ।
ধৰ্মীয় অনুষ্ঠানটিত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে একশৰণ ভাগৱতী সমাজ, অসমৰ নৱনিৰ্মিত কেন্দ্ৰীয় প্ৰশাসনিক ভৱনটো মুকলি কৰে । আছুতীয়া পুঁজিৰে এক কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ কৰা এই ভৱনটোৰ ২০২৪ চনৰ ২৫ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী গৰাকীয়ে নিজেই আধাৰশিলা স্থাপন কৰিছিল ।
ভৱনটো ফিটাকাটি মুকলি কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই একশৰণ ভাগৱতী সমাজৰ ভকত-বৈষ্ণৱ সকলৰ সৈতে আলোচনাত মিলিত হৈ নামঘৰত সেৱা জনাই চমু বক্তব্য প্ৰদান কৰে । এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰগৰাকীক সংগ দিয়ে ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাস আৰু নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us