গহপুৰত জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ গৈ আহত যুৱ মৰ্চাৰ সদস্য

জন আশীৰ্বাদ যাত্ৰাত সোমবাৰে অংশগ্ৰহণ কৰিবলৈ যোৱা বিজেপিৰ যুৱ মৰ্চাৰ এগৰাকী সদস্য এক মটৰ চাইকেল দুৰ্ঘটনাত পতিত হয় গহপুৰৰ পুৰূপবাৰীত।

author-image
Asomiya Pratidin
New Update
dangor-khobr-19

ডিজিটেল সংবাদ, গহপুৰ : জন আশীৰ্বাদ যাত্ৰাত সোমবাৰে অংশগ্ৰহণ কৰিবলৈ যোৱা বিজেপিৰ যুৱ মৰ্চাৰ এগৰাকী সদস্য এক মটৰ চাইকেল দুৰ্ঘটনাত পতিত হয় গহপুৰৰ পুৰূপবাৰীত। জানিব পৰামতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণেৰে আজি গহপুৰ সমষ্টিৰ পুৰুপবাৰীৰ পৰা হাৱাজানলৈকে উলিওৱা বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ বাইক ৰেলীত অংশগ্ৰহণৰ বাবে গৈছিল কেশৱ গজৰেল (৩০) নামৰ এগৰাকী বিজেপিৰ যুৱ মৰ্চাৰ সদস্য।

হেলেম আৰক্ষী থানাৰ অন্তৰ্গত আমতলা পঞ্চায়তৰ তেলৰচুঙা গাঁৱৰ কেশৱ গজৰেল সতীৰ্থ লেখনাথ গজৰেলৰ লগত এখন বাইকত গৈছিল পুৰূপবাৰী অভিমুখে।মটৰ বাইকেৰে দুয়ো পুৰূপবাৰী পোৱাৰ সময়তে তেওঁলোক এক বাইক দুৰ্ঘটনাত পতিত হয়। ফলত চালকৰ আসনত থকা কেশৱ গজৰেল গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়।পুৱা প্ৰায় ৮-৩০ বজাত সংঘটিত দুৰ্ঘটনাটোত গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হোৱা কেশৱক লগে লগে লৈ যোৱা হয় গহপুৰৰ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়লৈ।

কেশৱ গজৰেলৰ গুৰুতৰ জখমৰ প্ৰতি লক্ষ্য কৰি উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে। ঠুতৰীত সাতটাকৈ চিলনি পৰা কেশৱ গজৰেলৰ কাণৰ পৰা ৰক্তক্ষৰণ হোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে।আহত যুৱকজনৰ উপযুক্ত চিকিৎসাৰ ক্ষেত্ৰত অসম চৰকাৰৰ লগতে বিধায়ক উৎপল বৰাৰ সু-দৃষ্টি কামনা কৰিছে পৰিয়ালৰ লোকে।

গহপুৰ