জন আশীৰ্বাদ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সোলেঙীৰ শংকৰদেৱ শিক্ষা নিকেতনৰ ছাত্ৰ- ছাত্ৰীয়ে জনালে আদৰণী

বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰি সোমবাৰে গহপুৰৰ পৰা হাৱাজান অভিমুখে অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যাত্ৰাপথত উষ্ম আদৰণী জনাই সোলেঙীৰ শংকৰদেৱ শিক্ষা নিকেতনৰ প্ৰায় পাঁচ শতাধিক ছাত্র-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলে

author-image
Asomiya Pratidin
New Update
211

ডিজিটেল সংবাদ, গহপুৰ : বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰি সোমবাৰে গহপুৰৰ পৰা হাৱাজান অভিমুখে অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যাত্ৰাপথত উষ্ম আদৰণী জনাই সোলেঙীৰ শংকৰদেৱ শিক্ষা নিকেতনৰ প্ৰায় পাঁচ শতাধিক ছাত্র-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলে। শংকৰদেৱ শিক্ষা নিকেতন,গহপুৰৰ সভাপতি উদয় আদিত্য গোস্বামী আৰু অধ্যক্ষ জয়ন্ত শইকীয়াৰ নেতৃত্বত জনোৱা এই আদৰণিত মুখ্যমন্ত্ৰী গৰাকীক পুস্প বৰ্ষণ কৰাৰ লগতে ফুলাম গামোচা প্ৰদান কৰে।

ছাত্র-ছাত্ৰীসকলৰ লগত মুখ্যমন্ত্ৰীগৰাকীক আশীৰ্বাদ দিবলৈ ৰৈ থকা শংকৰদেৱ শিক্ষা নিকেতনৰ মুখ্য পৃষ্ঠপোষক তথা উদয় আদিত্য গোস্বামীৰ মাতৃ স্বৰ্ণপ্ৰভা গোস্বামীক মুখ্যমন্ত্ৰীগৰাকীয়ে গাড়ীৰ পৰা নামি আহি সম্ভাষণ জনোৱাৰ লগতে তেওঁৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে তেওঁৰ প্ৰতি দেখুওৱা আদৰ মৰমত অভিভূত হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

হিমন্ত বিশ্ব শৰ্মা