/asomiyapratidin/media/media_files/2025/09/22/hghtydsfrhy-2025-09-22-14-26-15.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ নেমছু আৰু আমছুৰ বালিপৰা আঞ্চলিক সমিতি উদ্যোগত গুদামঘাট আমনি চেন্টাৰ সমিতিৰ সহযোগত দেওবাৰে সন্ধিয়া অসমীয়া জাতিৰ হিয়াৰ আমঠু প্ৰয়াত কন্ঠশিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰি আত্মাৰ সদগতিৰ কামনাৰে প্ৰাৰ্থনা জনোৱা হয়।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত অংশগ্ৰহণ কৰে নেমছুৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি আজনুৰ হুছেইন, ৰঙাজান গাওঁ পঞ্চায়তৰ সভাপতি ৰাজু হুছেইন, মাদ্ৰাছা শিক্ষক মৌলানা ৰফিকুল ইছলাম, সমাজসেৱক ৰহিমুদ্দিন আহমেদ,আলি হুছেইন, গাঁও প্ৰধান প্ৰফুল্ল তাঁতী, শিক্ষক নৃপেন ওৰাং, অৱসৰী শিক্ষক হবিবুৰ ৰহমানকে ধৰি প্ৰায় পাঁচ শতাধিক ৰাইজে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ, অসমবাসীৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ প্ৰতি অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।