জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা বহুমুখী পামত জুবিন উদ্যান স্থাপন

আজি পুৱা এটা নাহৰ পুলি ৰোপনৰে এই জুবিন উদ্যানৰ শুভাৰম্ভ কৰে অৰণ্য মানৱ যাদৱ পায়েঙে ৷ বিধায়ক পদ্ম হাজৰিকা আৰু সমষ্টিটোৰ যুৱক,যুৱতী,মহিলা সকলেও যাদৱ পায়েঙৰ সৈতে জুবিন উদ্যানখনত নাহৰ গছৰ পুলি ৰোপনত অংশগ্ৰহণ কৰে ৷

author-image
Asomiya Pratidin
New Update
AP WEB kanyaka (1)

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ   জনতাৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনটোত জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা বহুমুখী পামত স্থাপন কৰা হয় এখন জুবিন উদ্যান ৷ নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত কন্যকা কৃষি পাম খনৰ বিশ বিঘা ভূমিত স্থাপন কৰে এই জুবিন উদ্যান ৷ 

উল্লেখ্য যে আজি পুৱা এটা নাহৰ পুলি ৰোপণ কৰি এই জুবিন উদ্যানৰ শুভাৰম্ভ কৰে অৰণ্য মানৱ যাদৱ পায়েঙে ৷ বিধায়ক পদ্ম হাজৰিকা আৰু সমষ্টিটোৰ যুৱক,যুৱতী,মহিলা সকলেও যাদৱ পায়েঙৰ সৈতে জুবিন উদ্যানখনত নাহৰ গছৰ পুলি ৰোপনত অংশগ্ৰহণ কৰে ৷ 

তাৰোপৰি উদ্যানৰ শুভাৰম্ভ কৰি যাদৱ পায়েঙে কয় যে -আমি জুবিনৰ গান গালেই নহ'ব,শদিয়াৰ পৰা ধুবুৰিলৈকে জুবিনৰ নামত একোখনকৈ ফৰেষ্ট খোলাৰ দাবী উত্থাপন কৰে ৷ ৰাজ্যখনৰ ৫৮ খন চৰ-চাপৰিত চৰকাৰক গছ পুলি ৰোপনৰো দাবী জনায় অৰণ্য মানৱ যাদৱ পায়েঙে ৷

জামুগুৰিহাট