হিন্দুবিৰোধী মন্তব্য কৰি বিপদত দুই যুৱক

শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত গুদামঘাটৰ দুজন যুৱকক আটক কৰিছে আৰক্ষীয়ে। গুদামঘাটৰ ৰফিকুল ইছলাম আৰু হাজিবুৰ ৰহমান নামৰ দুজন যুৱকে নিজৰ সামাজিক মাধ্যমৰ একাউণ্টত আপলোড কৰিছিল কেইবাটাও হিন্দুবিৰোধী ভিডিঅ'

author-image
Asomiya Pratidin
New Update
618

ডিজিটেল সংবাদ, জামুগুৰিহাট : শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত গুদামঘাটৰ দুজন যুৱকক আটক কৰিছে আৰক্ষীয়ে। গুদামঘাটৰ ৰফিকুল ইছলাম আৰু হাজিবুৰ ৰহমান নামৰ দুজন যুৱকে নিজৰ সামাজিক মাধ্যমৰ একাউণ্টত আপলোড কৰিছিল কেইবাটাও হিন্দুবিৰোধী ভিডিঅ'।

ইতিমধ্যে চাৰিদুৱাৰ আৰক্ষীয়ে আটক কৰিছে দুয়োজনকে । উল্লেখ্য যে ধৰ্মীয় অনুভূতিক আঘাত হানি নিজৰ ইষ্টাগ্ৰামত আপলোড কৰা ভিডিঅ'ৰ বাবে চাৰিদুৱাৰ আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি আৰম্ভ কৰিছিল তদন্ত।

গোচৰ নম্বৰ 04/26 বিপৰীতে US-196(2)/299/3(S)BNS.R/W Sec 67 IT Act ৰ অধীনত গ্ৰেপ্তাৰ কৰি তেজপুৰ জে'ল হাজোতলৈ প্ৰেৰণ কৰিছে। ইতিমধ্যে চাৰিদুৱাৰ আৰক্ষীয়ে যুৱক দুজনৰ দুটাকৈ মোবাইল ফোনো জব্দ কৰিছে যদিও কেইবাটাও ভিডিঅ ডিলিট কৰিছে যুৱকদুজনে । কিন্ত Screenshot লাভ কৰিছে আৰক্ষীয়ে।

Assam police