২৯ নৱেম্বৰত শিক্ষামন্ত্ৰীৰ বাসগৃহ ঘেৰাও কৰিব ৰাজ্যৰ ১৬ হেজাৰ টিউটৰ শিক্ষকে

সদৌ অসম প্ৰাদেশীকৃত শিক্ষক (টিউটৰ)সংস্থাই তেওঁলোকৰ প্ৰাপ্য আদায়ৰ দাৱীত  আন্দোলনৰ কাৰ্যসুচী ঘোষণা কৰিছে

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
347
ডিজিটেল সংবাদ, জামুগুৰিহাট : সদৌ অসম প্ৰাদেশিকীকৃত শিক্ষক (টিউটৰ)সংস্থাই তেওঁলোকৰ প্ৰাপ্য আদায়ৰ দাবীত  আন্দোলনৰ কাৰ্যসুচী ঘোষণা কৰিছে ৷ জামুগুৰিহাটৰ পৰিদৰ্শন ভৱনত বৃহস্পতিবাৰে নিশা আয়োজিত এক সংবাদমেলৰ জৰিয়তে এই কথা ঘোষণা কৰে সদৌ অসম প্ৰাদেশিকীকৃত শিক্ষক (টিউটৰ) সন্থাৰ বিষয়ববীয়াসকলে ৷
সেই অনুসৰি ২৯ নৱেম্বৰত অসমৰ ১৬হেজাৰ টিউটৰ শিক্ষকে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বাসগৃহ ঘেৰাও কৰিব ৷ ইয়াৰ পাছতো যদি  সমস্যা সমাধান নহয় তেন্তে শিক্ষামন্ত্ৰীগৰাকীৰ বাসগৃহৰ সন্মুখতে আত্মজাহৰ সিদ্ধান্ত ল'ব টিউটৰ শিক্ষকসকলে ৷
টিউটৰ শিক্ষকসকলৰ অভিযোগ চলিত বিধানসভাত শিক্ষামন্ত্ৰী পেগুৱে টিউটৰ শিক্ষকসকলৰ মাহিলী মজুৰি বৃদ্ধিৰ পৰিৱৰ্তে পাঁচ বছৰৰ অন্তত মাত্ৰ ৭২০ টকা মজুৰি বৃদ্ধি কৰে ৷ এই ধন মাহিলী মজুৰিৰ মাত্ৰ ৬% শতাংশ ৷

WhatsApp Image 2025-11-28 at 10.18.16 AM

বৰ্তমানে টিউটৰ শিক্ষকসকলে মাহিলি বাৰহেজাৰ কৈ বিগত পাচঁ বছৰে  মজুৰি লাভ কৰি আহিছে ৷ ইয়াৰ বিপৰীতে ৫ বছৰৰ অন্তত মাথো ৭২০ টকাহে বৃদ্ধি কৰাত জাঙুৰ খাই উঠিছে টিউটৰ শিক্ষক সমাজ ৷
কণা হাঁহক পতান দিয়া লেখিয়াকৈহে এই ধন আগবঢ়োৱা বুলি সংবাদমেলখনত মন্তব্য কৰে টিউটৰ শিক্ষকসকলে ৷ শিক্ষক সকলে কয় শিক্ষামন্ত্ৰীৰ এই সিদ্ধান্ত আমি কেতিয়াও মানি নলও আৰু চৰকাৰৰ এই চৰম অন্যায় আৰু নিষ্ঠুৰ স্থিতিক আমি ধিক্কাৰ জনাইছো ৷
সংবাদমেলখনত সদৌ অসম প্ৰাদেশিকীকৃত শিক্ষক (টিউটৰ) সংস্থাৰ সম্পাদক ভূৱন শৰ্মা প্ৰমুখ্য কৰি বিষয়ববীয়াসকল উপস্থিত থাকে ৷ 
শিক্ষামন্ত্ৰী ৰণোজ পেগু