অসমৰ পৰ্যটন মানচিত্ৰত নতুনকৈ সংযোজিত কাজিৰঙাৰ ষষ্ঠ সংযোজন

ইয়াৰোপৰি এই ষষ্ঠ সংযোজনত এলেকাত দেখিবলৈ পোৱা গৈছে ঢেঁকীয়াপতীয়া বাঘ,জাক জাক বন্যহস্তী,হৰিণা,বনৰীয়া মহ,বনৰীয়া গাহৰিৰ লগতে শীতৰ বতৰত অতিথি হিচাপে অহা দেশী বিদেশী পৰিভ্ৰমী পক্ষী।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-05 at 3.36.34 PM

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ অসমৰ পৰ্যটন মানচিত্ৰত নতুনকৈ সংযোজিত হোৱা কাজিৰঙা ৰাষ্টীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকা বৰ্তমান পৰ্যটনৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ পানপুৰ-বিশ্বনাথ মথাউৰিৰ কাষতে থকা এই ষষ্ঠ সংযোজনৰ এলেকাত এতিয়া সুলভ হৈ পৰিছে এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণৰ দৃশ্য। 

পানপুৰ-বিশ্বনাথ মথাউৰিৰ পৰাই এতিয়া পৰ্যটকে দেখিবলৈ পাই গহীন গম্ভীৰ খোজৰে ঘাঁ খাই থকা গড়ঁৰ দৃশ্য। ইয়াৰোপৰি এই ষষ্ঠ সংযোজনত এলেকাত দেখিবলৈ পোৱা গৈছে ঢেঁকীয়াপতীয়া বাঘ,জাক জাক বন্যহস্তী,হৰিণা,বনৰীয়া মহ,বনৰীয়া গাহৰিৰ লগতে শীতৰ বতৰত অতিথি হিচাপে অহা দেশী বিদেশী পৰিভ্ৰমী পক্ষী।

শেহতীয়াভাৱে অসমৰ গ্ৰাম্যাঞ্চলৰ পৰা হেৰাই যোৱা প্ৰকৃতিৰ জামাদাৰ খ্যাত বৃহৎ সংখ্যক শগুণৰ বিচৰণো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ ইতিবাচক দিশ।ইপিনে  ষষ্ঠ সংযোজনত পৰ্যটকৰ বাবে জীপ চাফাৰি মুকলি কৰাৰ কথা প্ৰকাশ কৰিছে ষষ্ঠ সংযোজনৰ দায়িত্বত থকা বনাঞ্চিক বিষয়াই।

উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই ষষ্ঠ সংযোজন এলেকা চাৰি বছৰ পূৰ্বে পৰ্যটকৰ বাবে মুকলি কৰি দিছিল।

জামুগুৰিহাট