/asomiyapratidin/media/media_files/2025/12/03/2-2025-12-03-15-32-18.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে গৰু চোৰৰ সন্ত্ৰাস। নিতৌ ন ন কৈশলৰে সংঘটিত কৰি আহিছে এই চুৰিকাৰ্য। জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত গৰু চোৰৰ সন্ত্ৰাস অব্যাহত আছে । এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ইপিনে জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ চাৰিপুখুৰী গাঁৱৰ কুল প্ৰসাদ গৌতম আৰু তেওৰ ভাতৃ ভূৱন গৌতমৰ ঘৰৰ গোহালীৰ পৰা দুজনীকৈ গাভিনী গৰু চোৰে চুৰি কৰি উধাও হয় ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/03/whatsapp-image-2025-12-03-15-27-12.jpeg)
উল্লেখ্য যে পুৱা গোহালিত গাভিনী গাই দুজনী নেদেখাত পৰিয়ালৰ লোকে এই চুৰিকাণ্ডৰ কথা গম পায় । কুলপ্ৰসাদ গৌতম আৰু ভুৱন গৌতমে পৰিয়ালৰ সহযোগত চাৰিওফালে বিছাৰ খোচাৰ কৰে যদিও গাভিনী গাই দুজনীৰ কোনো সন্ধান নাপাই। ইপিনে গৰু চুৰিৰ সন্দৰ্ভত জামুগুৰি আৰক্ষী থানাত এহাজাৰ দাখিল কৰে পৰিয়ালৰ লোকে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/03/whatsapp-image-2025-12-03-15-27-30.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us