/asomiyapratidin/media/media_files/2025/11/17/whatsapp-image-2025-11-17-16-16-35.jpeg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ শোণিতপুৰৰ গৰৈমাৰী নিবাসী অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক টংকেশ্বৰ হাজৰিকাৰ সোঁৱৰণত আজি স্মৃতিচাৰণ সভাৰ লগতে গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰে ৷ প্ৰয়াত কৃতি শিক্ষক গৰাকীৰ বাসভৱনত সহধৰ্মীনী তিলোত্তমা হাজৰিকাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত বিশিষ্ট ব্যক্তিৰ লগতে স্থানীয় ৰাইজে টংকেশ্বৰ হাজৰিকাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
উল্লেখ্য যে ড° যতীন বৰাৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানত স্মৃতিগ্ৰন্থ খনি উন্মোচন কৰে প্ৰয়াত টংকেশ্বৰ হাজৰিকাৰ পত্নী তিলোত্তমা হাজৰিকাই৷ পঞ্চ পল্লৱ একাংক নাট উন্মোচন কৰে ড° যতীন বৰাই , সংগীতা নামৰ উপন্যাস খনি উন্মোচন কৰে ভদ্ৰেশ্বৰী হাজৰিকাই আৰু চানেকী উন্মোচন কৰে পূৰবী শৰ্মাই ।
আনফালে অনুপজ্যোতি নাথে আতধৰা অনুষ্ঠানত ৰিতু বিকাশ বৰা, দিনেশ দাস , সুৰেন হাজৰিকা , ৰমেন শৰ্মা,চিত্ৰলেখা বৰা কে ধৰি বহুকেইগৰাকী বক্তাই প্ৰয়াত কৃতি শিক্ষক টংকেশ্বৰ হাজৰিকাৰ কৰ্মৰাজি আৰু জীৱন পৰিক্ৰমা সন্দৰ্ভত আলোকপাত কৰে। উল্লেখ্য যে একেধাৰে শিক্ষাবিদ , নাট্যকাৰ , উপন্যাসিক তথা বিশিষ্ট সমাজকৰ্ম্মী খ্যাতি অৰ্জন কৰা প্ৰয়াত টংকেশ্বৰ হাজৰিকাই ৰাষ্ট্ৰপতি পুৰস্কাৰো লাভ কৰিবলৈ সক্ষম হৈছিল ।
তাৰোপৰি যোৱা ৩১ অক্টোবৰত ৯৩ বছৰ বয়সত বাৰ্দ্ধক্যজনিত কাৰণত মৃত্যু বৰণ কৰা টংকেশ্বৰ হাজৰিকাৰ স্মৃতিচাৰণ অনুষ্ঠানটিত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে অঞ্চলটোৰ কেইবা শতাধিক ৰাইজে অংশগ্ৰহণ কৰে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us