/asomiyapratidin/media/media_files/2026/02/03/gtgrtrt4rtrtrtr-2026-02-03-09-29-32.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশনস্থলীত আৰম্ভ হ'ল স্বদেশী মেলা। অসম ক্ষুদ্ৰ উদ্যোগ বাণিজ্যিক কেন্দ্ৰৰ উদ্যোগত আৰু শোণিতপুৰ জিলা ক্ষুদ্ৰ উদ্যোগ বাণিজ্যিক কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত হোৱা এই স্বদেশী মেলা শুভাৰম্ভ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/03/capturehyghj-2026-02-03-09-30-15.jpg)
এই মেলাত অংশগ্ৰহণ কৰা ক্ষুদ্ৰ উদ্যোগী সকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী সমুহৰ বিক্ৰীৰ লগতে প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্ট সহায়ত হ'ব বুলি মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই। উল্লেখ্য যে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক অধিবেশন আৰম্ভ হবলৈ তিনিটা দিন বাকী আছে যদিও সপ্তাহ জোৰা কাৰ্যসূচীৰে জামুগুৰিহাটৰ ধলাইবিলৰ জ্যেতি বিষ্ণু সমন্বয় ক্ষেত্ৰত ইতিমধ্যেই স্বদেশী মেলাৰ আৰম্ভ হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us