জামুগুৰিহাটৰ তৌভঙাৰ নবিল‌ প্ৰাথমিক বিদ্যালয়ত ৰাইজৰ উৎসৱ পালন

তৌভঙা মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক ৰঞ্জিত বৰাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটিৰ আঁত ধৰে নবিল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শান্তনু গৌতমে ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ তৌভঙা মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত নবিল প্ৰাথমিক বিদ্যালয়ত 'ৰাইজৰ উৎসৱ' পালন কৰা হয়। তৌভঙা মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক ৰঞ্জিত বৰাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটিৰ আঁত ধৰে নবিল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শান্তনু গৌতমে ৷ নবিল প্ৰাথমিক বিদ্যালয় আৰু তৰাজান প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক লৈ এই ৰাইজৰ উৎসৱ পালন কৰা হয়।  

উল্লেখ্য যে, ৰাইজৰ উৎসৱ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ ছাত্ৰ ছাত্ৰী সকলে পৰিবেশন কৰা শংকৰী নৃত্য, কবিতা‌ আবৃত্তি, বিহু, গোৰ্খা নৃত্য, কুইজ, সমবেত সংগীত আদিয়ে সকলোৰে মন জয় কৰে।

প্ৰতিযোগিতাৰ স্থানত  প্ৰাপ্ত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত আকৰ্ষণীয় বঁটা বিতৰন কৰা হয়।  অনুষ্ঠানটিত অংশগ্ৰহণ কৰে তৰাজান প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষয়িত্ৰী পাৰুল বৰঠাকুৰ, শিক্ষয়িত্ৰী জ্ঞানশ্ৰী শইকীয়া ,সমাজসেৱক শংকৰ দাস আৰু  ভৱকান্ত দৈমাৰীকে ধৰি বিশিষ্ট ব্যক্তি সকলে।

জামুগুৰিহাট