জামুগুৰিহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক অধিৱেশনৰ প্ৰস্তুতি তুংগত

জামুগুৰিহাটৰ ধলাইবিল-চৈবাৰীৰ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত অহা ৬, ৭ আৰু ৮ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব লগা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক ৰাজ্যিক অধিৱেশনৰ প্ৰস্তুতি এতিয়া তুংগত।

author-image
Asomiya Pratidin
New Update
sihdiajsdsd

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ ধলাইবিল-চৈবাৰীৰ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত অহা ৬, ৭ আৰু ৮ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব লগা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক ৰাজ্যিক অধিৱেশনৰ প্ৰস্তুতি এতিয়া তুংগত। অধিৱেশনলৈ হাতত মাথো কেইটামান দিন বাকী থকা অৱস্থাত জ্যোতি- বিষ্ণু সমন্বয় ক্ষেত্ৰত যুদ্ধকালীনভাৱে চলিছে প্ৰস্তুতিৰ সকলো কাম-কাজ। 

Capturecdsfesdsdsd

অধিৱেশনখনি সফলভাৱে অনুষ্ঠিত কৰিবলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱক সেৱিকা সকলে দিন ৰাতি একাকাৰ কৰি কৰিছে শ্ৰমদান। ইফালে, অধিৱেশনস্থলীত স্থাপন কৰা অস্থায়ী নামঘৰত প্ৰতিষ্ঠাৰ বাৱে তেজপুৰ জিলা নামঘৰৰ পৰা কঢ়িয়াই অনা হয় গুৰু আসন ৷ এই গুৰু আসন আজি ধৰ্মীয় ৰীতিনীতিৰ মাজেৰে অস্থায়ী নামঘৰত ৰখা হয় আৰু অহা কালিলৈ প্ৰতিষ্ঠা কৰা হব বুলি জানিবলৈ দিয়ে আদৰনী সমিতিৰ সম্পাদক বিপুল বৰাই ৷

Capturegdftgrdfdfdfd

আনহাতে, সংঘৰ তেজপুৰ জিলা কাৰ্যালয়ৰ পৰা ভক্তপ্ৰাণ ৰাইজে স-সন্মানে ধৰ্মধ্বজা কঢ়িয়াই আনি জামুগুৰিহাটস্থিত কীৰ্তন গৃহত ৰখাৰ কথা সদৰি কৰাৰ লগতে অহা ৬ফেব্ৰুৱাৰীত সংঘৰ পদাধিকাৰে উওোলন কৰিব বুলি জানিবলৈ দিয়ে সম্পাদক গৰাকীয়ে ৷ এই গুৰু আসন আহি অধিবেশন স্হলী পোৱাৰ পিছতে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে৷

জামুগুৰিহাট