/asomiyapratidin/media/media_files/2026/01/20/sssjhkasjlka-2026-01-20-09-21-56.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ ধলাইবিল আৰু নাহৰবাৰীৰ মাজৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অহা ৬,৭ আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব লগা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক ৰাজ্যিক অধিবেশনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ পৰিছে।
অধিবেশনলৈ হাতত মাথো ১৫ দিন বাকী থকা অৱস্থাত জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত যুদ্ধকালীনভাৱে চলিছে প্ৰস্তুতিৰ সকলো কাম। অধিবেশনখনি সফলভাৱে অনুষ্ঠিত কৰিবলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱক সেৱিকা সকলে দিন ৰাতি একাকাৰ কৰি শ্ৰমদানৰ জৰিয়তে কৰিছে সকলো কাম।
এইবেলি ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন খনি সৰ্ব্বাংগ সুন্দৰ ৰূপত অনুষ্ঠিত কৰাৰ প্ৰয়াসেৰে সংঘৰ তেজপুৰ জিলা কমিটিয়ে জামুগুৰিহাটবাসী সকলোশ্ৰেনীৰ ৰাইজৰ সহযোগত কৰিছে ব্যতিক্ৰমী পৰিকল্পনা৷ অধিৱেশনৰ বাবে ইতিমধ্যেই নিৰ্ম্মান কৰি উলিওৱা আটক ধুনীয়া নামঘৰত আইমাতৃ সকলেও হৰিনাম গাই উৎসাহিত কৰিছে সেৱক সেবিকা সকলক ৷
অধিবেশনৰ দহ হেজাৰ ভকত একেলগে বহিব পৰাকৈ চোৱা গছৰ খুটা, বাঁহ আৰু খেৰকেধৰি প্ৰাকৃতিক উপাদানেৰে নিৰ্মাণ কৰা সুবিশাল মূল মণ্ডপ নিৰ্মাণৰ কামো চলিছে তীব্ৰ গতিত ৷ ইয়াৰ সমান্তৰালকৈ মূল পতাকা বেদিভাগো নিৰ্মাণ কৰি উলিয়াইছে কেৱল কাঠৰে ৷ এখন বৃহৎ নাৱৰ আৰ্হিত ১৩৫ ফুট দীঘল,৪০ ফুট বহল আৰু ২০ ফুট উচ্ছতাৰ ৬ খলপীয়া এই পতাকা বেদীতে পতাকা উত্তোলন কৰিব শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই৷ এক হেজাৰ কিউৱি কাঠ ব্যৱহাৰ হোৱা পতাকা বেদি ভাগৰ চৌপাশ ব্যতিক্ৰমী ধৰণে সজাই পৰাই তোলাৰ পৰিকল্পনা কৰাৰ লগতে মূল প্ৰৱেশদ্বাৰত চেঞ্চৰৰ ব্যৱস্থা কৰাৰো পৰিকল্পনা কৰিছে পতাকা বেদি নিৰ্মাণ আৰু পৰিচালনা সমিতিয়ে৷
ইফালে, জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ পৰিদৰ্শন কৰি দৈনিক এই সমুহ কামৰ অগ্ৰগতিৰ খতিয়ান লৈছে আদৰণি সমিতিৰ কাৰ্য্যকৰী সভাপতি বিধায়ক পদ্ম হাজৰিকা আৰু সম্পাদক বিপুল বৰাই৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us