জামুগুৰিহাটত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি তুংগত

অহা ৬,৭আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন ৷ অধিৱেশনৰ সফল কামনাৰে গঠিত ৩৫ খনকৈ উপ সমিতি এতিয়া নিজ নিজ কৰ্মত পূৰ্ণোদ্যমে  নিয়োজিত হৈ পৰা দেখা গৈছে৷ 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ চৈবাৰী-ধলাইবিলৰ জ্যোতি বিষ্ণু ক্ষেত্ৰত অহা ৬,৭আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন ৷ অধিৱেশনৰ সফল কামনাৰে গঠিত ৩৫ খনকৈ উপ সমিতি এতিয়া নিজ নিজ কৰ্মত পূৰ্ণোদ্যমে  নিয়োজিত হৈ পৰা দেখা গৈছে৷ 

উল্লেখ্য যে, তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব লগা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ  ৰাজ্যিক অধিবেশন প্ৰস্তুতি ইতিমধ্যে তুংগত উঠিছে৷ এই উদ্দেশ্যেৰে দেওবাৰে সহস্ৰাধিক মহিলাই জ্যোতি-বিষ্ণু স্থলী চাফাই কৰাৰ মানসেৰে হাতত কাচি লৈ নৰা কটাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছিল ৷ নৰা কটা সময়ত মহিলা সকলে হৰি নাম গাই ভক্তি ৰসত বুৰ গৈ বৈকুণ্ঠ পুৰি কৰি তোলে জ্যোতি-বিষ্ণু ক্ষেত্ৰ ৷

 হৰি নাম ধ্বনি দি আনন্দত নাচিবাগি  আত্মহাৰা হৈ পৰাও দেখা যায় মহিলা সকলক ৷ নৰাকটা স্থলীতে জুবিন গাৰ্গৰ মায়াবিনী গীত গাই শিল্পী গৰাকীক স্মৰণ কৰাও পৰিলক্ষিত হয় ৷ নৰাকটাৰ অন্তত সকলো মহিলাই পথাৰতে আনন্দ- প্ৰিতীৰে এসাজ ভোজভাত খোৱাও পৰিলক্ষিত হয় ৷ এই খেৰকটা হজত শোণিতপুৰ জিলাখনৰ উপৰি ওদালগুৰি,বিশ্বনাথ জিলাৰ ভক্তপ্ৰাণ মহিলা সকলেও অংশগ্ৰহণ কৰা বিষয়ে জানিবলৈ দিয়ে উদ্যোক্তা সকলে।

জামুগুৰিহাট