'কন্যকা'ৰ হাজাৰ হাজাৰ নাৰ্জী ফুলে শোভা বৰ্দ্ধন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন...

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশনলৈ মাজত মাথো ৫ দিন বাকী।

author-image
Asomiya Pratidin
New Update
tyreedwdsds

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশনলৈ মাজত মাথো ৫ দিন বাকী। এতিয়া উদুলি মুদুলি হৈ পৰিছে জামুগুৰিহাটৰ জ্যেতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। হেজাৰ হেজাৰ ভক্তপ্ৰাণ ৰাইজ আৰু আইমাতৃৰ উপস্থিতিত হৰিনামেৰে মুখৰিত হৈ পৰিছে অধিবেশনস্থলীৰ অস্থায়ী নামঘৰ চৌহদ৷

Capturegfgfgrerer

ইয়াৰ মাজতে সংঘৰ সেৱা বাহিনীৰ সদস্য সকলে অধিবেশন স্থলীৰ চৌপাশ সজাই পৰাই তোলা পৰিলক্ষিত হৈছে। এইবাৰৰ শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশন খনিৰ শোভা বৰ্দ্ধন কৰিব জামুগুৰিহাটৰে ভৰলীপৰীয়া কন্যকা বহুমুখী কৃষি পামৰ হাজাৰ হাজাৰ নাৰ্জি ফুলে।

ইয়াৰ বাবে কন্যকাৰ বুকুত তিনি মাহ পূৰ্ব্বেই ৰোপন কৰা দহ হাজাৰ জোপা নাৰ্জি ফুল ইতিমধ্যেই প্ৰস্ফুতিত হৈ উঠিছে। অধিবেশনৰ দুদিন আগতেই এই ফুল সমুহ কন্যকা কৃষি পাম খনৰ পৰা  জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰলৈ নিয়া হব ৷

এই নাৰ্জি ফুলেৰে সুন্দৰকৈ সজোৱা হ'ব শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ ৰাজ্যিক অধিবেশন স্থলীৰ চৌপাশ। নাৰ্জী ফুলৰ উপৰিও কন্যকাৰ বাগিছাৰ পৰাই অন্য ফুলো অধিবেশনখনিৰ শোভাবৰ্ধনৰ বাবেই লৈ যাব বুলি জানিবলৈ দিয়ে কন্যকাৰ বিষয়ববীয়াই৷

জামুগুৰিহাট