শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনৰ ব্যাপক প্ৰস্তুতি

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশনলৈ মাজত মাথো ২৪ টা দিন বাকী। যুদ্ধকালীন গতিৰে আগবাঢ়িছে অধিৱেশনৰ প্ৰস্তুতিৰ সকলো কাম কাজ।

author-image
Asomiya Pratidin
New Update
nrghfsfds

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশনলৈ মাজত মাথো ২৪ টা দিন বাকী। যুদ্ধকালীন গতিৰে আগবাঢ়িছে অধিৱেশনৰ প্ৰস্তুতিৰ সকলো কাম কাজ।   

জামুগুৰিহাটৰ ধলাইবিল আৰু নাহৰবাৰীৰ মাজৰ জ্যেতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত এতিয়া উৎসৱ মুখৰ পৰিবেশ। অধিৱেশন খনিৰ কামকাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে অধিৱেশনস্থলীত উপস্থিত হল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ভেকা।

dfgrdgrf

আদৰণী সমিতিৰ বিষয়ববীয়াৰ লগত অধিৱেশনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে কাম কাজ স্বচক্ষে প্ৰত্যক্ষ কৰি সন্তুষ্টি প্ৰকাশ কৰে প্ৰদাধিকাৰ গৰাকীয়ে। অহা ৬,৭আৰু ৮ফেব্ৰুৱাৰীত জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব লগা অধিৱেশন খনিৰ প্ৰতিটো দিশ উন্নত তথা সৰ্বাংগসুন্দৰ হ'ব বুলি উল্লেখ কৰি পদাধিকাৰ ভবেন্দ্ৰ নাথ ভেকাই ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগা কেইবা লক্ষাধিক  ভকতক আদৰিবলৈ জামুগুৰিয়া ৰাইজ সাজু বুলিও উল্লেখ কৰে।

Capturegfgfdfdsfd

ইফালে, অধিৱেশনলৈ ২৪ টা দিন বাকী থকা অৱস্থাত সংঘৰ সেৱক সকল হৰিনামৰ মাজেৰে প্ৰতিটো নিৰ্মাণকাৰ্য্যত দিনে নিশাই ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ৷ ইতিমধ্যেই ভক্তিৰসৰে মুখৰিত হৈ পৰিছে জ্যেতি-বিষ্ণু সমন্বয় ক্ষেত্ৰ। শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৰাজ্যিক অধিৱেশনস্থলীত সমবেত হৈ আই মাতৃ সকলেও হৰি নামেৰে মুখৰিত কৰিছে পৰিৱেশ।

শ্ৰীমন্ত শংকৰদেৱ সংঘ