/asomiyapratidin/media/media_files/2025/08/18/cxcxcswerw-2025-08-18-13-24-04.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোণিতপুৰৰ ৰঙাপৰাত নিশা অচিনাক্ত বাহনৰ খুন্দাত এজন যুৱকৰ থিতাতে মৃত্যু হোৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিহত যুৱকজনৰ নাম বিকাশ বৰুৱা বুলি জানিব পৰা গৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/18/capturecxcxcccxc-2025-08-18-13-25-52.jpg)
ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত যোগীবিলৰ বিকাশ বৰুৱাই নিশা ৰঙাপৰা-বালিপৰা সংযোগী পথৰে ফুলবাৰী চাহ বাগিচাৰ পৰা এএছ১২-এই-৫৪৯৪ নম্বৰৰ মটৰ চাইকেলখন চলাই ঘৰলৈ গৈ থকাৰ অৱস্থাত ৰঙাপৰা মহাবিদ্যালয়ৰ সমীপত কোনো অচিনাক্ত বাহনে খুন্দিয়াই থৈ যায়। ফলত যুৱকজন ঘটনাস্থলীতে মৃত্যুক সাৱতি লয় । ঘটনাৰ সন্দৰ্ভত ৰঙাপৰা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us