/asomiyapratidin/media/media_files/2025/11/11/187-2025-11-11-17-17-08.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ বাঁহবাৰী সত্ৰ নিবাসী, সমাজকৰ্মী, ধৰ্মপ্ৰাণ ব্যক্তি ৰমা কলিতাৰ বাৰ্ধক্যজনিত কাৰণত মঙলবাৰে নিজা বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৯৮বছৰ।
জীৱিত অৱস্থাত গাঁওখনৰ লগতে অঞ্চলটোৰ বিভিন্ন সামাজিক কাম কাজৰ লগত জড়িত ব্যক্তিজনে বিগত ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাৰ সময়ত বৃদ্ধ বয়সতো বাৰেচহৰীয়া ভাওনাৰ সমুহীয়া কাম-কাজত অংশ গ্ৰহণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।
সৰ্ব্বগুণাকৰ ব্যক্তিজনৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে আজি তেখেতৰ বাসগৃহত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু বাৰেচহৰীয়া ভাওনা কমিটিৰ সভাপতি ভৱ গোস্বামীকে ধৰি বিভিন্ন অনুষ্ঠান - প্ৰতিষ্ঠানৰ লোকসকল উপস্থিত হৈ মৃতদেহত অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত ধৰ্ম্মপ্ৰাণ ব্যক্তিজনে পুত্ৰ- বোৱাৰী, নাতি -নাতিনীসহ অনেক গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us