/asomiyapratidin/media/media_files/2026/02/06/whatsapp-im-2026-02-06-15-46-20.jpeg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ আজিৰে পৰা আৰম্ভ হৈছে জামুগুৰিহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক বাৰ্ষিক অধিৱেশন ৷ পবিত্ৰ ভূমিলৈ আগমন ঘটিছে দূৰ-দূৰণিৰ ভকত, আই-মাতৃসকলৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ আৰু সৃষ্টিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাই হৈছে এই অনুষ্ঠানৰ মূল উদ্দেশ্য। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰি যোৱা এক শৰণ নামধৰ্মক ভৱিষ্যতলৈ আগুৱাই নিয়াৰ প্ৰয়াসৰে ১৯৩০ চনতেই স্থাপন কৰা হৈছিল শ্ৰীমন্ত শংকৰদেৱ সংঘ। এই অধিৱেশনত প্ৰতিবছৰে ৪০ লাখৰো অধিক লোকৰ সমাগম ঘটে। ইপিনে ভক্তপ্ৰাণ ৰাইজ উপস্থিতত এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে জামুগুৰিহাটৰ ধলাইবিল ৰে'ল ষ্টেচন।
/asomiyapratidin/media/post_attachments/3e5754df-05b.png)
উল্লেখ্য যে, উজনি আৰু নামনিমুৱা ৰে'লত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জামুগুৰিহাট অধিৱেশনলৈ অহা ভকত বৈষ্ণৱে ভীৰ কৰিছে জামুগুৰিহাটৰ ধলাইবিলৰ ৰে'ল ষ্টেচনত। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি জামুগুৰিহাটৰ ধলাইবিলৰ ৰে'ল ষ্টেচনত উপস্থিত হোৱা ভকত বৈষ্ণৱ তথা আইমাতৃয়ে লৈছে হৰিনাম।
/asomiyapratidin/media/post_attachments/92f4f6b1-b47.png)
ইয়াৰ পাছত আইমাতৃ আৰু ভকতসকলে পদব্ৰজে আহি উপস্থিত হয় অধিৱেশনস্থলীত। সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ সেৱক সেৱিকাসকলে এই সকল ভকসকলক আদৰণী জনোৱাৰ পাছত অস্থায়ী নামঘৰত সেৱা গ্ৰহন কৰে আইমাতৃ ভকতসকলে।
মুঠতে এক সম্পূৰ্ণ আধ্যাত্মিক ভক্তিৰসৰে পৰিবেষ্টিত দ্বিতীয় বৈকুণ্ঠ ধামলৈ পৰিণত হৈছে ধলাইবিল নাহৰবাৰী ক্ষেত্ৰ। গুৰুজনাৰ সৃষ্টি-ৰাজিক সকলোৱে গুণানুকীৰ্তন কৰাৰ লগতে আনন্দময় পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ জামুগুৰি অঞ্চলত। ইয়াৰ লগতে মূল তোৰণ,শিবিৰ আদিকে ধৰি কেইবাটাও উন্মোচনী আনুষ্ঠান ইতিমধ্যে অনুষ্ঠিত হৈছে যদিও গ্ৰন্থ উন্মচন আৰম্ভ হোৱাৰ পথত ৷
/asomiyapratidin/media/post_attachments/8cda3f66-840.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us