জামুগুৰিহাটৰ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ অধিৱেশনস্থলীত উপস্থিত মন্ত্ৰী পিযুষ হাজৰিকা

অহা ৬,৭ আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন ৷ এই উদ্দেশ্যৰে জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত উপস্থিত হয় মন্ত্ৰী পিযুষ হাজৰিকা ৷ 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ চলিছে ব্যাপক প্ৰস্তুতি। জামুগুৰিহাটৰ ধলাইবিল চৈবাৰীৰ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত অহা ৬,৭ আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন ৷ এই উদ্দেশ্যৰে জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত উপস্থিত হয় মন্ত্ৰী পিযুষ হাজৰিকা ৷ 

উল্লেখযোগ্য যে- সমন্বয় ক্ষেত্ৰত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে আদৰণি সমিতিৰে আলোচনাত মিলিত হোৱাৰ লগতে অধিৱেশনৰ সকলো কাৰ্যসুচী সফল ৰূপায়নৰ আশ্বাস প্ৰদান কৰে ৷ মন্ত্ৰী গৰাকীয়ে অধিৱেশন স্থলীত উপস্থিত হ'ব লগা লক্ষ্য লক্ষ্য ভকতক যাতে একো ক্ৰটি নৰখাকৈ আতিথ্যত আগবঢ়াব পাৰি তাৰ ওপৰত বিষদ আলোচনা আগবঢ়ায় ৷

ইপিনে অধিৱেশন স্থলী পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীক সংগ দিয়ে প্ৰাক্তন সাংসদ পল্লৱলোচন দাস,বিধায়ক পদ্ম হাজৰিকাই ৷ লগতে অধিৱেশনস্থলী পৰিদৰ্শনৰ অন্তত বহু কেইটা মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হয়। অখিল গগৈৰ লগতে  গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্ধৰ্ভতো মন্তব্য আগবঢ়াই।  

জামুগুৰিহাট