জামুগুৰিহাটত দুদিনীয়াকৈ অনুষ্ঠিত জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্ম দিৱস

দুদিনীয়াকৈ অনুষ্ঠিত হয় প্ৰয়াত গনশিল্পী জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্ম দিৱস।

author-image
Asomiya Pratidin
New Update
new ap web 6 (15)

ডিজিটেল সংবাদ,জামুগুৰিঃ  জামুগুৰিহাটত  শংকৰদেৱ শিশু বিকাশ কেন্দ্ৰৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হয় প্ৰয়াত গনশিল্পী জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্ম দিৱস।এই উপলক্ষে  বৰপুখুৰীপাৰৰ মুকলি বিহু বাকৰিত প্ৰথম দিনাৰ পুৱা ধৰ্ম্মধ্বজা উত্তোলন কৰে শংকৰদেৱ শিশু বিকাশ কেন্দ্ৰৰ মুখ্য উপদেষ্টা গজেন দাসে। 

উল্লেখ্য যে ইয়াৰ পাছতে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি  পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিশিষ্ট সমাজকৰ্মী দোলন দাসে। পুৱা ১১ বজাত  ফুটবল খেল প্ৰতিযোগিতা  শুভ উদ্বোধন কৰে প্ৰাক্তন জিলা ক্ৰীড়া বিষয়া দণ্ডি নাথে। 

তাৰোপৰি  ফুটবল খেল প্ৰতিযোগিতাৰ চূড়ান্ত বিজয় সাব্যস্ত কৰা 'নিজবস্তি ফুটবল দলক' আকৰ্ষণীয় বঁটা প্ৰদান কৰা হয়।  যোৱা কালি পুৱা জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠান শুভাৰম্ভ কৰে বিশিষ্ট সমাজকৰ্মী নোমল বৰাই। দুপৰীয়া অনুষ্ঠিত হয় সমুহীয়া নাম প্ৰসংগ। সন্ধিয়া বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী নন্দৰাম দাসে। জুবিন গাৰ্গৰ জন্মদিনৰ এই বিশেষ সন্ধিয়াত অঞ্চলটোৰ বহু কেইগৰাকী শিশু,যুৱ শিল্পীয়ে গীত,নৃত্য পৰিৱেশন কৰি  ৰাইজৰ মন আপ্লুত কৰিবলৈ সক্ষম হয় ৷

জামুগুৰিহাট