বহিঃৰাজ্যত সন্ধানহীন চতিয়াৰ এজন লোক

পুনৰ বহিঃ ৰাজ্যত সন্ধানহীন অসমৰ এজন লোক। কৰ্মৰ সন্ধানত গৈ বহিঃ ৰাজ্যত সন্ধাহীন হয় চতিয়াৰ আৰক্ষী থানাৰ অন্তৰ্গত পহুচোৱা গাঁৱৰ ভক্ত দাস।

author-image
Asomiya Pratidin
New Update
4

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ পুনৰ বহিঃ ৰাজ্যত সন্ধানহীন অসমৰ এজন লোক। কৰ্মৰ সন্ধানত গৈ বহিঃ ৰাজ্যত সন্ধাহীন হয় চতিয়াৰ আৰক্ষী থানাৰ অন্তৰ্গত পহুচোৱা গাঁৱৰ ভক্ত দাস। ইপিনে লোকজন সন্ধানহীন হোৱাত পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।গাঁওখনৰ ভক্ত দাস নামৰ ৪৮ বছৰীয়া লোকজনে বিগত ২৫ দিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই সমগ্ৰ অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

WhatsApp Image 2026-02-24 at 12.38.16 PM

পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, যোৱা ৩০ জানুৱাৰীত চতিয়াৰ পহুচোৱা গাৱঁৰে কৃষ্ণ দাস নামৰ লোকজনে তেজপুৰত কাম আছে বুলি কৈ ভক্ত দাসক ঘৰৰ পৰা লৈ গৈছিল ৷ কিন্তু পাছত পৰিয়ালৰ লোকে যোগাযোগ কৰাত ভক্ত দাসে কোচবিহাৰত কাম কৰি আছে বুলি জনায় কৃষ্ণ দাসে ৷ পাছত ভক্ত দাসে ঘৰলৈ আহিব বিচৰাত কৃষ্ণ দাসে বাধা প্ৰদান কৰে ৷ কিন্তু পাছত পৰিয়ালৰ লোকে  ভক্ত দাস মহাৰাষ্ট্ৰত আছে বুলিহে জানিব পাৰে। ইয়াৰ পাছত পৰিয়ালৰ লোকে যোগাযোগ কৰাত কৃষ্ণ দাসে ভক্ত দাস নিৰুদ্দেশ হোৱাৰ কথা অৱগত কৰে। 

ইতিমধ্যে পৰিয়ালৰ লোকে বিভিন্ন স্থানত বিচাৰখোচাৰ কৰিছে যদিও বৰ্তমানলৈকে নিৰূদ্দিষ্ট লোকজনৰ কোনো সম্ভেদ লাভ কৰা নাই ৷ উপায়হীন হৈ পৰিয়ালৰ লোকে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত  চতিয়া আৰক্ষী থানাত নিৰূদ্দেশ সম্পৰ্কীয় এজাহাৰ দাখিল কৰিছে। যদিও বৰ্তমানলৈ আৰক্ষীয়ে ব্যক্তি গৰাকীৰ সন্ধান উলিয়াব পৰা নাই । কোনো সদাশয় লোকে ব্যক্তিজনৰ  সম্ভেদ পালে ৭৫৭৭৮২২৭১২ আৰু ৮৭২১৯৩৯৩২৪ নম্বৰ ফোনৰ  জৰিয়তে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।

নিৰুদ্দেশ জামুগুৰিহাট