/asomiyapratidin/media/media_files/2026/02/22/whatsapp-image-20-2026-02-22-16-38-57.jpeg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ টুপিয়াত পায়নিয়াৰ ক্লাৱৰ দীৰ্ঘদীনিয়া অভাৱ আজি পুৰণ হয়। ২০০৬ চনতে স্থাপিত পায়নিয়াৰ ক্লাৱৰ এখন তোৰণৰ অভাৱ আছিল কিন্তু অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী হেৰেম্ব ভাগৱতীয়ে তেখেতৰ পত্নী সৰবৰহী মহিলা স্বৰ্গীয় অনু ভাগৱতীৰ সোঁৱৰত এখন তোৰণ আগবঢ়াই সেই অভাৱ পুৰণ কৰে৷ পায়নিয়াৰ ক্লাৱৰ নৱনিৰ্মীত তোৰণৰ লগতে পকী দেৱালৰ শুভ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক বিশিষ্ট সমাজকৰ্মী নিতুমনি বৰাই ৷
/asomiyapratidin/media/post_attachments/beb5808a-724.png)
উল্লেখ্য যে-পায়নিয়াৰ ক্লাৱৰ ভূমিৰ পকীৰ দেৱাল খন আগবঢ়াইছে পায়নিয়াৰ যুৱ উন্নয়ন সমিতিৰ সভাপতি অভিজিৎ ভুঞাই নিজৰ মাতৃ মহিলা সমাজকৰ্মী স্বৰ্গীয় গুণলতা ভূঞাৰ সোঁৱৰনত। ইপিনে উন্মোচনী অনুষ্ঠানটিত অংশগ্ৰহণ কৰে তোৰনৰ দাতা হেৰেম্ব ভাগৱতী, যুৱ সমাজকৰ্মী বকুল ভূঞা, অৱসৰ প্ৰাপ্ত শিক্ষক দিগন্ত ভুঞা, জিন্টু ভাগৱতী, টুপিয়া পাচ গাওঁ বহাগী মেলাৰ সভাপতি অৰূপ জ্যোতি বৰাকে ধৰি অঞ্চলটোৰ গণ্য মাণ্য ব্যক্তি সকলে। লগতে ক্লাৱৰ সভাপতি বিপ্লৱ বৰা আৰু সম্পাদক সমীৰণ বৰঠাকুৰে উপস্থিত ৰাইজক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/602e68bc-ac2.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us