ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক আজুৰিলে ৰস্মিতা দাসে

যোৱা ১৩ ৰ পৰা ১৫ জানুৱাৰীলৈকে দিল্লীৰ টালকোটৰা ইন্দৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৩৯ সংখ্যক  চাব জুনিয়ৰ ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত অসমৰ হৈ অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় শোণিতপুৰৰ ৰঙাপৰাৰ ৰস্মিতা দাসে ৷ 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ ক্ৰীড়া ক্ষেত্ৰত চমকপদ সফলতা অৰ্জন কৰি অসমৰ খেলুৱৈয়ে বিশ্বত দেশৰ নাম উজলাবলৈ সক্ষম হৈছে । বিগত কেইবাবছৰৰ পৰা এই ধাৰাবাহিকতা ৰক্ষা কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰৰ প্ৰতিভাৱান খেলুৱৈসকলে।

যোৱা ১৩ ৰ পৰা ১৫ জানুৱাৰীলৈকে দিল্লীৰ টালকোটৰা ইন্দৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৩৯ সংখ্যক  চাব জুনিয়ৰ ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত অসমৰ হৈ অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় শোণিতপুৰৰ ৰঙাপৰাৰ ৰস্মিতা দাসে ৷ 

এই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হোৱাত উৎফুল্লিত হৈ পৰিছে ৰঙাপৰাবাসী ৰাইজ। টাইকোৱাণ্ডো খেলুৱৈ ৰষ্মিতা দাস আৰু প্ৰশিক্ষক ববিতা দাস দিল্লীৰ পৰা ৰঙাপৰাত আহি উপস্থিত হোৱাত ৰঙাপৰাৰ বিভিন্ন দল সংগঠনে উস্ম আদৰণি জনায় খেলুৱৈ গৰাকীৰ লগতে প্ৰশিক্ষক গৰাকীক।

জামুগুৰিহাট