জামুগুৰিহাটত উত্তপ্ত পৰিস্থিতিঃ ছাগলীয়ে ধান খোৱাক কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত

ইপিনে ক্ষতি হোৱা ধানৰ উচিত মূল্য দিম বুলি কোৱাৰ পাছতো তৰুন বৰাই তেওঁৰ কথা নামানি জিতু বৰাক প্ৰহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি সংঘটিত হোৱা এই কাজিয়াই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ ধোৱাকতাত এটা ছাগলীয়ে ধান খোৱাক কেন্দ্ৰ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। এই ঘটনাক কেন্দ্ৰ কৰিয়েই কাজিয়াৰ সূত্ৰপাত হয়। ইপিনে  কাজিয়াৰ পৰিণতিত আহত হয় এজন যুৱক ৷ আহত যুৱক জনৰ নাম জিতু বৰা বুলি জানিব পৰা গৈছে। 

উল্লেখ্য যে, গাঁওখনৰ তৰুন বৰা নামৰ  লোকজনে গাঁৱৰ নামঘৰ চৌহদত চপাই থোৱা ধান শুকুৱাবৰ বাবে মেলি থোৱা অৱস্থাত একেখন গাঁৱৰে জিতু বৰা নামৰ যুৱকজনৰ পোহনীয়া ছাগলীয়ে সেই ধান খোৱাক কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত ঘটে ৷ ইয়াৰ পাছতেই তৰুন বৰা আৰু তেওঁৰ পুত্ৰই জিতু বৰাক প্ৰহাৰ কৰাত গুৰুতৰভাৱে আহত হয় যুৱকজন ৷ ইপিনে ক্ষতি হোৱা ধানৰ উচিত মূল্য দিম বুলি কোৱাৰ পাছতো তৰুন বৰাই তেওঁৰ কথা নামানি জিতু বৰাক প্ৰহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি সংঘটিত হোৱা এই কাজিয়াই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ইতিমধ্যে জিতু বৰাই জামুগুৰি আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ৷

জামুগুৰিহাট