/asomiyapratidin/media/media_files/2025/12/17/1-2025-12-17-14-02-04.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ শোণিতপুৰৰ চাৰিদুৱাৰ ফৰেষ্ট গেট নিবাসী ছংগিনা বড়োয়ে ১৩ আৰু ১৪ ডিচেম্বৰত অনুষ্ঠিত হোৱা ১ম অল অসম স্প’ৰ্টছ মডেল ফিজিক চেম্পিয়নশ্বিপ ২০২৫, ধুবুৰী–বিলাসীপাৰাত আয়োজিত মিছ অসম মডেল ফিজিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দ্বিতীয় স্থান লাভ কৰে। ইপিনে ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ছংগিনা বড়োয়ে।
/asomiyapratidin/media/post_attachments/a1cbfb78-48e.png)
উল্লেখ্য যে, কৃতি খেলুৱৈ গৰাকীয়ে এই সন্মান অৰ্জন কৰি জিলাৰ লগতে সমগ্ৰ বালিপৰা, চাৰিদুৱাৰ অঞ্চলত গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তেখেতক বালিপৰাৰ ওৱাৰিৱৰ্চ ফিটনেচ চেন্টাৰৰ লগতে বিভিন্ন জনে বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে।ইয়াৰ উপৰিও অলপতে জামুগুৰিত অনুষ্ঠিত হৈ যোৱা ৪২তম অল শোণিতপুৰ বডি বিল্ডিং চেম্পিয়নশ্বিপত মিছ শোণিতপুৰ মডেল ফিজিক ২০২৫ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে খেলুৱৈ গৰাকীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/17/a1dea314-4905-4250-9a2e-940c10135789-2025-12-17-14-00-09.jpg)
এই সফলতাৰ বাবে খেলুৱৈ গৰাকীয়ে Warriors Fitness Centre, বালিপৰাৰ এজন সদস্য হিচাপে গৌৰৱ অনুভৱ কৰি ভৱিষ্যতলৈ অধিক সফলতা বাবে ৰাইজৰ আশীৰ্বাদ কামনা কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us