শোণিতপুৰৰ চাৰিদুৱাৰত TRUE FRIEND CHURCH ৰ উদ্যোগত চাফাই অভিযান

বিশেষকৈ সংগঠনটিয়ে যুৱ প্ৰজন্মৰ মাজত নিচা জাতীয় সামগ্ৰী প্ৰতি আসক্তি সলনি সজাগতা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এই কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  সমাগত বৰদিন। এইবাৰ বৰদিনত কেৰল পৰিৱেশন নকৰে শোণিতপুৰৰ চাৰিদুৱাৰৰ TRUE FRIEND  CHURCH য়ে । কেৰলৰ পৰিবৰ্তে শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানা চৌহদত স্বেচ্ছাসেৱী  সংগঠন True Friend Church উদ্যোগত এক চাফাই অভিযান কাৰ্যসূচী ৰূপায়নৰ কৰা পৰিলক্ষিত হয় । 

উল্লেখ্য যে, সংগঠনটোৰ সদস্যসকলে পুৱাৰে পৰা হাতে হাতে ঝাড়ু , কোৰ , বেলছা  লৈ থানা চৌহদৰ জংঘল ,জাৱৰ আদি  সকলো চাফা কৰিছে। বিশেষকৈ সংগঠনটিয়ে যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ লগতে অন্যান্য নিচা জাতীয় সামগ্ৰী প্ৰতি আসক্তি নহয় তাৰ প্ৰতি সজাগতা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এই কাৰ্যসূচী হাতত লয় বুলি জানিব দিয়ে। 

জামুগুৰিহাট