বালিপৰাত তৃতীয় সংখ্যক  জিলা ভিত্তিক পাৱাৰ লিফটিং প্ৰতিযোগিতা সম্পন্ন

তৃতীয়  সংখ্যক  জিলা ভিত্তিক পাৱাৰ লিফটিং প্ৰতিযোগিতাত জিলাখনৰ প্ৰায় ৭০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,জামুগুৰিহাটঃভাৰ উত্তোলনত শক্তি প্ৰদৰ্শনেৰে বহু যুৱকে পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।  অসমৰ বহু যুৱকে বাহিৰত এই ভাৰ উত্তোলন প্ৰতিযোগিতাত সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। এইবাৰ শোণিতপুৰ জিলাৰ বালিপৰাৰ আদাবাৰী খেলমাটিত তৃতীয়  সংখ্যক  জিলা ভিত্তিক পাৱাৰ লিফটিং প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাখনত  জিলাখনৰ প্ৰায় ৭০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। 

প্ৰতিযোগিতাত বিজয়ী খেলুৱৈ সকলে বাক্সাত অনুষ্ঠিত হ'ব লগীয়া অল অসম পাৱাৰ লিফটিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব বুলি  উদ্যোক্তা সকলে জানিব দিয়ে। 

জামুগুৰিহাট