/asomiyapratidin/media/media_files/2025/11/22/8-2025-11-22-17-22-35.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাৰ স্থলী পকামুৰা পথাৰত ইকলজিকেল ষ্ট্ৰাস্ক ফৰ্চৰ (ETF) উদ্যোগত শিল্পী জুবিন গাৰ্গৰ সোৱঁৰণত এহাজাৰ জোপা গছৰ পুলি ৰোপণৰ কাম হাতত লোৱা পৰিলক্ষিত হয় ৷ অসমীয়া হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিত ৰোপণ কৰা শিল্পী গৰাকী অতিকে প্ৰিয় নাহৰ পুলি ৰোপণৰ কাৰ্য্যসূচীৰ শুভাৰাম্ভ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷
প্ৰাণিধানযোগ্য যে, বিধায়ক গৰাকীয়ে কয় যে -বাৰেচহৰীয়া ভাওনাৰ স্থলী পকামুৰা পথাৰৰ পঞ্চাশ বিঘা ভূমিত নাহৰ পুলি ৰোপণৰ সিদ্ধান্ত লোৱা হৈছে ৷ নাহৰ পুলি ৰোপণৰ জৰিয়তে আমি হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে বাৰেচহৰীয়া ভাওনাস্থলীক ন-ৰূপত সজাই তোলাৰ প্ৰয়াস অব্যাহত ৰাখিছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us