জুবিন গাৰ্গৰ স্মৃতি সুৱঁৰি জামুগুৰিহাটত ৰক্তদান শিবিৰ ৰাজ্যিক বিজেপিৰ

জামুগুৰিহাটৰ বাৰেচহৰীয়া প্ৰকল্পত জুবিন গাৰ্গৰ স্মৃতি সুৱঁৰি বিশেষ কাৰ্যসূচী।

author-image
Asomiya Pratidin
New Update
AP WEB JAMUGURI

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ বাৰেচহৰীয়া প্ৰকল্পত আজি পুৱাৰে পৰা অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্মদিনটোত ৰক্ত দানৰে স্মৰণ কৰে ৰাজ্যিক  বিজেপিয়ে ৷ এই উদ্দেশ্যৰে  জুৱিন গাৰ্গৰ ফটোত বন্তি প্ৰজ্বলন মাল্যপৰ্ন কৰে  নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ।

উল্লেখ্য যে ৰক্তদান শিৱিৰৰ শুভ উদ্ধোধন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ বিধায়ক গৰাকীয়ে জুৱিন গাৰ্গক আমাৰ মাজত সদায় জীয়াই ৰাখিব লাগিব বুলি মন্তব্য কৰাৰ লগতে জনতাৰ শিল্পী গৰাকীক  ন্যায়লয়ে ন্যায় প্ৰদান কৰক বুলিও মন্তব্য কৰে  ৷ 

তাৰোপৰি নদুৱাৰ সমষ্টিৰ শতাধিক যুৱকে ৰক্তদান কৰি জুৱিনৰ স্মৃতি জীয়াই ৰখাৰ সংকল্প গ্ৰহণ কৰে ৷

জামুগুৰিহাট