জামুগুৰিহাটত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ ব্যাপক প্ৰস্তুতি...

জামুগুৰিহাটৰ ধলাইবিল আৰু চৈবাৰীৰ মাজৰ  জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হব লগা শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিবেশনলৈ মাজত মাথো এটা মাহ৷ ৰাজ্যখনৰ ভিতৰতে একক বৃহৎ

author-image
Asomiya Pratidin
New Update
kfkf

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ ধলাইবিল আৰু চৈবাৰীৰ মাজৰ  জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হব লগা শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিবেশনলৈ মাজত মাথো এটা মাহ৷ ৰাজ্যখনৰ ভিতৰতে একক বৃহৎ ধৰ্ম্মীয় অনুষ্ঠান হিচাবে পৰিচিত শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ এই ৰাজ্যিক অধিবেশন খনি অহা ৬.৭আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হব জামুগুৰিহাটত ৷

ইয়াকে লৈ এতিয়া সীমাহীন উচ্ছাস সমগ্ৰ জামুগুৰিহাট বাসীৰ ৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লক্ষ লক্ষ ভকতক আদৰিবলৈ প্ৰস্তুতি সম্পূৰ্ন কৰাত ব্যস্ত জামুগুৰিবাসী৷ শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ এই বাৰ্ষিক অধিবেশন খনি সৰ্ব্বাতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰি তুলিবৰ বাবেই জামুগুৰিহাটৰে বাকোলা গাঁও আৰু ধলাইবিলৰ চামধৰাপানী গাঁৱৰ  শতাধিক ইচলামধৰ্ম্মালম্বী লোকেও হাতেকামে লাগি ৰাজহুৱা শ্ৰমদানত ব্যস্ত হৈ পৰাও দেখা গৈছে ৷

ইফালে  অধিৱেশনৰ সমুহ কামকাজ নিজে তদাৰক কৰাত ব্যস্ত হৈ পৰিছে নদুৱাৰ সমষ্টিৰ বিধায়ক তথা আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি পদ্ম হাজৰিকা ৷ বিধায়ক গৰাকীয়ে ৩৯ খন উপ সমিতিৰে ঘনে ঘনে বৈঠক অনুষ্ঠিত কৰাৰ লগতে ভক্তপ্ৰাণ ৰাইজৰ আতিথ্য আৰু আপ্যায়নত ক্ৰুটী নৰখাকৈ সেৱা আজবঢ়োৱাৰ কথা ব্যক্ত কৰে ৷

 আদৰণি সমিতিৰ সভাপতি প্ৰভাকৰ বৰ্মন আৰু সম্পাদক বিপুল বৰাইও অধিৱেশন খনি সৰ্ব্বাতোপ্ৰকাৰে সাফল্যমণ্ডিত তোলাৰ বাবে সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগীতা আন্তৰিকতাৰে কামনা কৰিছে ৷

শ্ৰীমন্ত শংকৰদেৱ সংঘ