প্ৰস্তুতি সম্পূৰ্ণঃ ভকত-বৈষ্ণৱক আদৰিবলৈ সাজু জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক অধিৱেশনস্থলীৰ প্ৰায় ৯৯ শতাংশ কামেই ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে।

author-image
Asomiya Pratidin
New Update
grefterwdewe

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক অধিৱেশনস্থলীৰ প্ৰায় ৯৯ শতাংশ কামেই ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে।আদৰণি সমিতিয়ে অধিৱেশনৰ কামৰ প্ৰতিটো দিশ তদাৰক কৰাতহে ব্যস্ত হৈ পৰা দেখা গৈছে। পাঁচ লক্ষাধিক ভকতৰ নিৰাপত্তাৰ পৰা আৰম্ভ কৰি খাদ্য, যানবাহন পাৰ্কিং, খোৱা পানী, চিকিৎসা, অগ্নি নিৰ্বাপন আদিকে ধৰি সকলোবোৰ দিশ নিৰিক্ষণ কৰা হৈছে।

জামুগুৰিহাটবাসী সকলোশ্ৰেণী ৰাইজে এখন সৰ্ব্বাংগসুন্দৰ অধিৱেশন উপহাৰ দিবলৈ সক্ষম হব বুলি জনাইছে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি বিধায়ক পদ্ম হাজৰিকাই। ৬ ফেব্ৰুৱাৰীৰ পুৱাৰে পৰা জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত আৰম্ভ হ'ব লগা অধিৱেশন খনিৰ কাৰ্য্যসূচী আৰম্ভৰ প্ৰাক মূহুৰ্তত কাৰ্যকৰী সভাপতি গৰাকীয়ে এনেদৰে কোৱাৰ লগতে অধিৱেশন খনি বিগত অধিৱেশন সমূহৰ তুলনাত সৰ্ব্বাংগ সুন্দৰ ৰূপত অনুষ্ঠিত কৰাৰ বাবে আপ্ৰাণ চেষ্টা কৰা হৈছে বুলিও জানিবলৈ দিয়ে।

ইফালে, জিলা প্ৰশাসনৰ আৰু আৰক্ষী প্ৰশাসনৰ লগতে বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী সকলেও নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ আগবঢ়া দেখা গৈছে।‌ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱ সকলক আদৰিবলৈ সাজু হৈছে আদৰণি সমিতিৰ লগতে কেন্দ্ৰীয় সেৱা বাহিনীৰ সদস্য সকল৷।

আনহাতে, শ্ৰীমন্ত শংকৰদেৱে সংঘৰ এই ৰাজ্যিক অধিৱেশন উপলক্ষ্যে ইতিমধ্যেই ভক্তিৰসত বুৰ গৈছে অধিৱেশনস্থলী ৷ লোকাৰণ্য হৈ পৰা অস্থায়ী নামঘৰ চৌহদ কেৱল হৰি নামেৰে মুখৰিত হৈ দ্বিতীয় বৈকুণ্ঠ নগৰীত পৰিণত হৈছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ৷ পুৱাৰে পৰাই সন্ধিয়া পৰ্য্যন্ত সমাগত ঘটিছে হেজাৰ ভক্তপ্ৰাণ ৰাইজৰ লগতে আইমাতৃ যুৱক যুৱতীৰ। সংঘৰ সেৱা বাহিনীৰ সদস্য সকলেও অধিৱেশনখনি সফল কৰাত হাত উজান দিছে। প্ৰতিনিধি শিবিৰ সমূহ সুন্দৰ ৰূপত নিৰ্মাণ হৈ উঠাৰ পিছতেই সেৱাবাহিনীৰ সদস্য সকলে অধিবেশনস্থলীৰ সাতটাকৈ প্ৰৱেশ পথৰ দুয়োকাষে সংঘৰ পতাকা স্থাপন কৰাত ব্যস্ত হৈ পৰিছে।

এইসকল সেৱা বাহিনীৰ সদস্য সদস্যাই কিন্তু পাহৰা নাই হৰিনাম লবলৈ৷ এইবাৰৰ অধিবেশনস্থলীৰ মুল মণ্ডপৰ সন্মুখৰ বাটচ'ৰা ভাগে আকৰ্ষণ কৰিছে সকলোৰেই দৃষ্টি। শংকৰী সংস্কৃতিৰ গায়ন বায়ন আৰু সূত্ৰধাৰে নৃত্য প্ৰদৰ্শন কৰাৰ সময়ত শিৰত পিন্ধা মথুৰা পাগৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে মূল মণ্ডপৰ বাটচ'ৰা ভাগ। আকৰ্ষণীয় বাটচ'ৰা ভাগে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে।

উল্লেখযোগ্য যে, এইবাৰ জামুগুৰিহাটৰ প্ৰত্যেক জন মানুহৰ আৱেগ, গৌৰৱ, স্বাভিমান বাৰেচহৰীয়া ভাওনাৰ মূল মণ্ডপ জিলিকি থাকিব শ্ৰীমন্ত শংকৰদেৱ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশনৰ প্ৰদৰ্শনীস্থলী। ইয়াৰ ওপৰিও চক্ৰবেহু, ঢেকীয়াজুলিৰ শ্বহীদ স্মৃতি ক্ষেত্ৰ, তেজপুৰৰ হৰ - হৰিৰ যুদ্ধ, চতিয়াৰ ঐতিহাসিক আৰক্ষী থানাকে ধৰি শোণিতপুৰৰ বিভিন্ন ঐতিহ্য ও প্ৰতিফলিত হব প্ৰদৰ্শনী স্থলীত। 

অধিৱেশন খনিত ১৫  হেজাৰ ভকতক একেলগে বহুৱাই আহাৰ বিতৰণৰ বাবে নিৰ্মাণ কৰি উলিওৱা বিশাল ভোজনালয় আৰু ৰান্ধনীশালাত ইতিমধ্যেই আহাৰ বিতৰণৰ কাম আৰম্ভ হৈছে। ভোজনালয়ত ভকতক আহাৰ বিতৰণৰ বাবে ৫০ খনকৈ অন্নবাহনো সাজু কৰি ৰখা দেখা গৈছে। ইয়াৰ মাজতে অধিবেশনৰ অতিথি সকলক আদৰিবলৈ ৫ হাজাৰৰো অধিক গামোছা আৰু চেলেং সাজু কৰি  থকা দেখা গৈছে আইমাতৃসকলক ৷ ইয়াৰ লগতে জামুগুৰিহাটৰ গাঁও সমূহৰ মহিলা সকলে ভকতৰ আপ্যায়নৰ বাবে তিল পিঠা, মিঠৈ, নাৰিকলৰ লাৰু আৰু বৰ পিঠা তৈয়াৰ কৰি থকাও দেখা গৈছে৷

একেদৰে, অধিৱেশন স্থলীৰ হেজাৰ হেজাৰ ভকতৰ আপ্যায়নৰ বাবেই মহিলা আইমাতৃ সকলে এনেদৰেই পিঠা পনা তৈয়াৰ কৰি থকাৰ কথা জনাইছে৷ ইফালে এক হাজাৰৰো অধিক ষ্টল থকা প্ৰদৰ্শনীস্থলীত অসম চৰকাৰৰ ক্ষুদ্ৰ উদ্যোগ বানিজ্য কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত স্বদেশী মেলাখনি আনুষ্ঠানিক ভাৱে মুকলি হোৱাৰ পিছৰে পৰা হেজাৰ হেজাৰ ৰাইজৰ সোঁত বোৱা দেখা গৈছে। মুঠতে অধিৱেশনৰ স্থলী জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত পুৱাৰ পৰা গধুলি লৈকে বিৰাজ কৰািছে  উদুলি মুদুলি পৰিৱেশে ৷ 

উল্লেখযোগ্য যে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশন উপলক্ষে বিভিন্ন জাতি জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্য্যসুচীত অংশগ্ৰহণ কৰিব জামুগুৰিহাটৰে জীয়াভৰলীৰ মিচিং জনগোষ্ঠীয় যুৱক যুৱতী সকলে৷ এই সকল মিচিং জনগোষ্ঠীয় যুৱক যুৱতীয়ে প্ৰদৰ্শন কৰিব নিজৰ সংস্কৃতি গোমৰাগ নৃত্যৰ অনুষ্ঠান৷ ইয়াৰ বাবেই নিতৌ পুৱা গধূলি গোমৰাগ নৃত্যৰ অনুশীলনত ব্যস্তহৈ আছে এই সকল মিচিং যুৱক যুৱতী৷ 

জামুগুৰিহাট