জামুগুৰিহাটৰ টুপীয়া ষ্টেডিয়ামৰ স্হগিত নৈশ ফুটবল খেল প্ৰতিযোগিতা পুনৰ আৰম্ভ...

জামুগুৰিহাটৰ টুপিয়া পাচঁগাও ক্ৰীড়া সংস্হাৰ উদ্যোগত টুপিয়া ষ্টেডিয়ামত আয়োজিত ৩৩ তম স্বৰ্গীয় চিদানন্দ বৰা আৰু অবনী প্ৰসাদ বৰা সোঁৱৰণী ৰাজ্যিক ভিত্তিক ট্ৰফী আৰু প্ৰাইজমানী নৈশ ফুটবল খেল

author-image
Asomiya Pratidin
New Update
UJJJDD

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ  জামুগুৰিহাটৰ টুপিয়া পাচঁগাও ক্ৰীড়া সংস্হাৰ উদ্যোগত টুপিয়া ষ্টেডিয়ামত আয়োজিত ৩৩ তম স্বৰ্গীয় চিদানন্দ বৰা আৰু অবনী প্ৰসাদ বৰা সোঁৱৰণী ৰাজ্যিক ভিত্তিক ট্ৰফী আৰু প্ৰাইজমানী নৈশ ফুটবল খেল প্ৰতিযোগিতা খনিৰ স্হগিত  দুখনকৈ খেল পুনৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে ক্ৰীড়া সন্হাৰ বিষয়ববীয়া সকলে৷

ক্ৰীড়া সংস্হাই জনোৱা মতে প্ৰতিযোগিতা খনিৰ খেল সমুহ নিয়মীয়াকৈ চলি থকাৰ মাজতে অসমবাসীৰ হিয়াৰ আমঠু যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ আকস্মিক বিয়োগে  সমগ্ৰ অসমবাসীক শোকস্তব্ধ কৰাৰ লগতে টুপিয়া পাচগাঁও ক্ৰীড়া সংস্হাৰ বিষয়ববীয়া সদস্য সকলো শোকত ম্ৰিয়মাণ হৈ পৰি প্ৰতিযোগিতাৰ চেমিফাইনেল আৰু ফাইনেল খেল দুখন স্হগিত ৰাখিছিল৷বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অহা ২২ আৰু ২৩ অক্তোৱৰত বাকী থকা দুখন খেল সুকলমে অনুষ্ঠিত হৈ গলেই প্ৰতিযোগিতা সামৰণি পৰিব৷

ৰাজ্যখনৰ আগশাৰীৰ দুটাকৈ ফুটৱল দল কাৰ্বিআঙলং জিলাৰ কাছা ফুটৱল একাদশ আৰু যোৰহাট টাউনক্লাৱৰ মাজত সন্ধিয়া ৬-৩০ বজাত অনুষ্ঠিত হব লগা দ্বিতীয়খন চেমিফাইনেল খেলৰ লগতে  ২৩ অক্তোৱৰৰ সন্ধিয়া অনুষ্ঠিত হব লগা প্ৰতিযোগিতা খনিৰ ফাইনেল খেলত সকলোশ্ৰেনীৰ ৰাইজৰ উপস্থিতি ও সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে টুপিয়া পাচগাঁও ক্ৰীড়া সংস্হাৰ বিষয়ববিয় সকলে৷ 

ফুটবল