Advertisment

চাৰিচকীয়া বাহনৰ পৰিবৰ্তে দৰা আহিল গৰু গাড়ীত...

জামুগুৰিহাটৰ পাঁচিগাওত অনুষ্ঠিত হৈছে এখন ব্যতিক্ৰমী বিবাহ। বিলাসী বাহনৰ পৰিবৰ্তে  কইনাৰ ঘৰলৈ দৰা আহিল গৰু গাড়ীত।ফুলৰ মালাৰে সজ্জিত হৈ থকা গৰু গাড়ীত বহি ৰঞ্জন ওজা নামৰ যুৱকজনে নিকটৱৰ্তী গাঁওৰ কইনা বিপাশা ভূঞাৰ ঘৰত উপস্থিত হ'লহি।

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাট

জামুগুৰিহাট Photograph: (জামুগুৰিহাট)

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ  জামুগুৰিহাটৰ পাঁচিগাওত অনুষ্ঠিত হৈছে এখন ব্যতিক্ৰমী বিবাহ। বিলাসী বাহনৰ পৰিবৰ্তে  কইনাৰ ঘৰলৈ দৰা আহিল গৰু গাড়ীত।ফুলৰ মালাৰে সজ্জিত হৈ থকা গৰু গাড়ীত বহি ৰঞ্জন ওজা নামৰ যুৱকজনে নিকটবৰ্তী গাঁওৰ কইনা বিপাশা ভূঞাৰ ঘৰত উপস্থিত হ'লহি।

Advertisment

বৰযাত্ৰী সকলো আহিল নাচিবাগি আনন্দ মনৰে  খোজকাঢ়ি।কইনাৰ ঘৰত উপস্থিত হোৱাৰ পাছতে বিবাহৰ সকলো মাংগলিক পৰম্পৰা ৰক্ষা কৰি সম্পন্ন হল বিবাহ।গৰু গাড়ীত আহি নিজকে সুখী বুলি অনুভৱ কৰা দৰা ৰঞ্জন ওজাই পুৰণি দিনৰ পৰম্পৰা ৰক্ষা কৰিবলৈ বাবেই এইদৰে হেপাহৰ বিয়াখনত গৰু গাড়ীত দৰাহৈ উঠি অহাৰ সিদ্ধান্ত লোৱাৰ কথাত জানিবলৈ দিয়ে।

উল্লেখ্য যে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ এই আধুনিক পৃথিৱীখনত ৰঞ্জন ওজা  নামৰ যুৱকজনে চাৰিচকীয়া গাড়ীৰ পৰিবৰ্তে আজু ককাৰ দিনৰ পুৰণি পৰম্পৰা ৰক্ষা কৰি এইদৰে গৰুগাড়ীত উঠি কইনা নিবলৈ অহা কাৰ্যই সকলোকে ৰোমাঞ্চিত কৰি তুলিছে।

জামুগুৰিহাট