/asomiyapratidin/media/media_files/2026/03/06/1-2026-03-06-16-09-10.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ শোণিতপুৰৰ বালিপৰাত চাইকেলেৰে ভাৰত ভ্ৰমণ কৰা এজন যুৱক উপস্থিত হয়।পশ্চিম বংগৰ শিলিগুৰিৰ বাগডুগৰাৰ শ্যামা প্ৰসাদ বিশ্বাস নামৰ যুৱকজনে বিগত চাৰিমাহ পূৰ্বে এখন চাইকেল লৈ দেশৰ পাৰিপাৰ্শ্বিকতা , প্ৰদূষণ, পৰিস্কাৰ-পৰিচ্ছন্নতা প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে ভাৰত ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰিছিল।
/asomiyapratidin/media/post_attachments/84b223df-743.png)
ইতিমধ্যে ভাৰতবৰ্ষৰ মণিপুৰ আৰু ছিকিম বাহিৰে সকলো ৰাজ্য ভ্ৰমণ কৰা বুলি যুৱক জনে জানিবলৈ দিয়ে। আজি তেখেতে অৰুণাচল প্ৰদেশলৈ যাত্ৰা কৰে যদিও আগন্তুক এক মাহৰ ভিতৰত এই ভ্ৰমণৰ সামৰণি মাৰিব বুলি উল্লেখ কৰে।এই যাত্ৰা কালত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাই বুলিও উল্লেখ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us