/asomiyapratidin/media/media_files/2026/03/03/new-ap-web-11-2026-03-03-14-18-50.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে গৰু চোৰৰ উপদ্ৰৱ। নিতৌ ন ন কৌশলৰে সংঘটিত কৰিছে চুৰিকাৰ্য । এইবাৰ জামুগুৰিহাটত সংঘটিত হৈছে গৰু চোৰৰ উপদ্ৰৱ। আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই অঞ্চলটোত ধাৰাবাহিক ভাবে সংঘটিত হৈ আহিছে এই চুৰিকাণ্ড ৷
/asomiyapratidin/media/post_attachments/e3914c91-0b1.png)
উল্লেখ্য যে, জামুগুৰিহাটৰ গোধমৰা চুক গাঁৱৰ দুখনকৈ ঘৰত সংঘটিত হয় গৰু চুৰি কাৰ্য৷গোহালি উদং কৰি যজ্ঞেশ্বৰ কাকতি আৰু হেমধৰ বৰাৰ ঘৰৰ পৰা চোৰে লৈ যায় পোৱালি সহ ৭ তাকৈ গৰু ৷ নিশাই পোহনীয়া গৰু কেইটা চোৰে চুৰ কৰি নিয়াত মানসিকভাৱে ভাগি পৰিছে পৰিয়াল দুটা। গৰু চোৰৰ সন্ত্ৰাস ৰোধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ জামুগুৰি আৰক্ষী ৷ এটা দিন পূৰ্ৱে অঞ্চলটোৰ সৰুভগীয়া গাঁৱৰ পৰা চোৰে চুৰি কৰি নিছিল দুজনীকৈ খীৰতি গাই গৰু ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us