/asomiyapratidin/media/media_files/2026/02/07/whatsapp-image-2026-02-07-09-32-20.jpeg)
ডিজিটেল ডেস্কঃ হৰি ভকতিৰে মুখৰিত হৈ পৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনস্থলী। এক আধ্যাত্মিক ভক্তি ৰসত উৰ্বৰ জামুগুৰিহাটৰ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰ।
/asomiyapratidin/media/post_attachments/b5015874-823.png)
শুক্রবাৰৰ পৰা অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনৰ আজি দ্বিতীয়টো দিন। ৰাজ্যৰ ভিতৰতেই সৰ্ববৃহত ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিবেশনস্থলীত এক উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে।
/asomiyapratidin/media/post_attachments/f1dbb0d1-1cc.png)
উল্লেখ্য যে, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শ আৰু সৃষ্টিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাই হৈছে এই অনুষ্ঠানৰ মূল উদ্দেশ্য। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰি যোৱা এক শৰণ নামধৰ্মক ভৱিষ্যতলৈ আগুৱাই নিয়াৰ প্ৰয়াসৰে ১৯৩০ চনতেই স্থাপন কৰা হৈছিল শ্ৰীমন্ত শংকৰদেৱ সংঘ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us