শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনলৈ মাজত মাত্ৰ এটা দিন বাকী

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশনলৈ মাজত মাত্ৰ এটা দিন বাকী। ৬ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হ'ব এই অধিৱেশন ৷

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-04 at 1.16.54 PM

 ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব লগা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক ৰাজ্যিক অধিৱেশনৰ  প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশনলৈ মাজত মাত্ৰ এটা দিন বাকী। ৬ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হ'ব এই অধিৱেশন ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পাঁচ লক্ষাধিক ভকত বৈষ্ণৱ আই-মাতৃৰ সমাগম ঘটিব জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত ৷ জামুগুৰিহাটৰ ধলাইবিল চৈবাৰীৰ মাজৰ এই জ্যেতি বিষ্ণু সমন্বয় ক্ষেত্ৰত এতিয়া দিনে নিশাই সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ সদস্য সকলৰ লগতে আদৰণী সমিতিৰ সভাপতি সম্পাদক আৰু ৩৫ খনকৈ বিভিন্ন উপ সমিতিৰ বিষয়ববীয়া সদস্য সকলক ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। অধিৱেশনৰ বাবে এটা দিন বাকী থকাৰ পূৰ্ব্বেই অস্থায়ী নামঘৰ চৌহদত সহশ্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ লগতে  আইমাতৃৰ উপস্থিতিয়ে এতিয়া  বৈকুণ্ঠপুৰীত পৰিণত কৰিছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰক ৷ 

আধ্যাত্মিক ভক্তিৰসত বিলীন হৈ পৰিছে প্ৰতিজন ভক্তপ্ৰাণ ৷ হৰিনামৰে মুখৰিত হৈ পৰিছে অধিৱেশনস্থলী ৷ অস্থায়ী নামঘৰত শ শ ভক্তই শৰাই শলিতা আগবঢ়াই আৰ্শীৱাদ গ্ৰহণ কৰা দেখা গৈছে ৷ অধিৱেশনস্থলীত অসম ক্ষুদ্ৰ উদ্যোগ বাণিজ্য কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত স্বদেশী মেলাৰ শুভাৰম্ভ কৰি এই মেলাত অংশগ্ৰহণ কৰা ক্ষুদ্ৰ উদ্যোগী সকলে নিজৰ নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ ব্যৱস্থা কৰা দেখা পাই সহশ্ৰাধিক ক্ৰেতা তথা গ্ৰাহক ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে৷

ইফালে জামুগুৰিহাটৰ গাঁও সমূহৰ মহিলা সকল ব্যস্ত হৈ পৰা দেখা গৈছে ভকতৰ আপ্যায়নৰ বাবে পিঠা ,মিঠৈ,নাৰিকলৰ লাৰু তৈয়াৰ কৰা কামত ৷ অধিৱেশনস্থলীত সমবেত হ'বলগীয়া হেজাৰ হেজাৰ ভকতক আপ্যায়নৰ বাবেই জামুগুৰিহাটৰ প্ৰতিখন প্ৰাথমিকৰ মহিলা সকলে এই দৰেই পিঠা পনা তৈয়াৰ কৰি থকা দেখা গৈছে৷ ইয়াৰ মাজতে আইমাতৃ সকলে অতিথিক আদৰিবৰ বাবে ৫ হেজাৰৰো অধিক গামোচা চেলেং সাজু কৰি ৰখাত ব্যস্ত হৈ পৰিছে ৷

জামুগুৰিহাট