ৰিদ্ধি ফিজিঅ’থেৰাপী ক্লিনিক মুকলি বিধায়ক পদ্ম হাজৰিকাৰ

জামুগুৰিহাটবাসীৰ বাবে সু-খবৰ। আজিৰে পৰা জামুগুৰিহাটৰ মাজমজিয়াৰ ডেকাসুন্দৰত মুকলি কৰিলে এক বিশেষ অত্যাধুনিক প্ৰযুক্তিৰে সমৃদ্ধ ৰিদ্ধি ফিজিঅ’থেৰাপী ক্লিনিক।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ বৰ্তমান সময়তো আপোনাৰ শাৰিৰীক সক্ৰিয়তা পূৰ্বৰ দৰেই ৰাখিবলৈ হ'লে ফিজিঅ'থেৰাপীৰ গুৰুত্ব অপৰিসীম৷ফিজিঅ'থেৰাপিয়ে আপোনাৰ মন মগজু শৰীৰৰ সক্ৰিয়তা পূৰ্বৰ দৰেই বাহাল ৰখাত বিশেষভাৱে সহায় কৰে ৷ এই সুবিধা পূৰ্বে নাছিল জামুগুৰিহাটত । পিছে এতিয়া আৰু চিন্তা কৰাৰ কাৰণ নাই ৷ কাৰণ জামুগুৰিহাটবাসীৰ বাবে সু-খবৰ যে আজিৰে পৰা জামুগুৰিহাটৰ মাজমজিয়াৰ ডেকাসুন্দৰত মুকলি কৰিলে এক বিশেষ অত্যাধুনিক প্ৰযুক্তিৰে সমৃদ্ধ ৰিদ্ধি ফিজিঅ’থেৰাপী ক্লিনিক৷ 

য’ত আপোনাৰ শৰীৰৰ যিকোনো ধৰণৰ বিষ কোনো ধৰণৰ দৰৱ ব্যৱহাৰ নকৰাকৈ নতুবা অপাৰেচন নকৰাকৈয়ে অত্যাধুনিক পদ্ধতি ব্যৱহাৰৰ জৰিয়তে উপসম পোৱাৰ সুবিধা লাভ কৰিব৷সেয়া লাগিলে Muscle Pain,Joint Pain নতুবা Nerve Pain আদিবোৰেই নহঁওক কিয় ৷ ইয়াৰোপৰি এই অত্যাধুনিক ৰিদ্ধি Physiotherapy ক্লিনিকতেই পেৰেলাইছিছত ভোগা ৰোগী,দুৰ্ঘটনাত পতিত হৈ হাত ভৰি Fracture হোৱা লোকসকলেও অত্যাধুনিক প্ৰযুক্তিৰ থেৰাপীৰ জৰিয়তে উপসম লাভ কৰাৰ সুবিধাও লাভ কৰিব৷ আজি এই অত্যাধুনিক ৰিদ্ধি ফিজিঅ’থেৰাপীৰ ক্লিনিকখন মুকলি কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ 

স্বত্বাধিকাৰী তথা উদিয়মান যুৱক মৃদুল শইকীয়াৰ প্ৰচেষ্টাত আজি মুকলি কৰা অত্যাধুনিক প্ৰযুক্তিৰে সমৃদ্ধ ৰিদ্ধি ফিজিঅ’থেৰাপী ক্লিনিকখনে নদুৱাৰৰ এক বহুদিনীয়া অভাৱ পূৰণ কৰিব পাৰিলে বুলি উল্লেখ কৰি ৰাইজ এই ক্লিনিকখনৰপৰা উপকৃত হ’ব পাৰিব বুলিও উল্লেখ কৰে বিধায়ক গৰাকীয়ে ৷ আনহাতে অভিজ্ঞ ফিজিঅ’থেৰাপিষ্টৰ জৰিয়তে ক্লিনিকখনত চিকিৎসা সেৱা আগবঢ়োৱাৰ ব্যৱস্থা কৰা স্বত্বাধিকাৰী মৃদুল শইকীয়াৰ এই প্ৰচেষ্টাৰ শলাগ লয় উপস্থিত থকা লোকসকলে ৷

উল্লেখ্য যে নতুনকৈ আজি মুকলি কৰা এই ৰিদ্ধি ফিজিঅ’থেৰাপী ক্লিনিকত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ফিজিঅ’থেৰাপিষ্ট ডা° ৰিতুৰাজ বাইলুং ৰ নেতৃত্বত ডা° শংকৰজ্যোতি তালুকদাৰ আৰু ডা° সৌৰভ মেছ উল্লেখিত বিভিন্ন সমস্যাত ভোগী থকা লোকসকলৰ ৰোগ নিৰাময় কৰাৰ বাবে সদা প্ৰস্তুত থাকিব৷

জামুগুৰিহাট