/asomiyapratidin/media/media_files/2026/01/22/whatsapp-ima-2026-01-22-09-42-27.jpeg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ ধলাইবিল আৰু নাহৰবাৰীৰ মাজৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব লগা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক ৰাজ্যিক অধিৱেশনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ পৰিছে। অধিৱেশনলৈ হাতত মাথো ১৪ দিন বাকী থকা অৱস্থাত জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত যুদ্ধকালীনভাৱে চলিছে প্ৰস্তুতিৰ সকলো কাম। অধিৱেশনখনি সফলভাৱে অনুষ্ঠিত কৰিবলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱক সেৱিকা সকলে দিন ৰাতি একাকাৰ কৰি শ্ৰমদানৰ জৰিয়তে কৰিছে সকলো কাম।
/asomiyapratidin/media/post_attachments/f410c06e-451.png)
লাখ-লাখ ভকত-বৈষ্ণৱৰ আগমণত দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হ'ব এই জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্র। অহা ৬,৭ আৰু ৮ ফেব্ৰুৱাৰীত তিনি দিনিয়াকৈ অনুষ্ঠিত হ'ব লগা অধিৱেশনৰ বাবে জামুগুৰিহাটবাসী ৰাইজ তথা ভকত বৈষ্ণৱ সকল অত্যন্ত ব্যস্ত হৈ পৰিছে।
/asomiyapratidin/media/post_attachments/ff04d6a1-c43.png)
সংঘৰ সেৱক সেৱিকা সকলে বিভিন্ন নিৰ্ম্মান কাৰ্য্যত দিনে নিশাই জঢ়িত হৈ অক্লান্ত পৰিশ্ৰম কৰি গৈ থকাৰ সমান্তৰালকৈ আইমাতৃ ও ভকত সকলে নামঘৰত সেৱা লৈ হৰি নামেৰ মুখৰিত কৰিছে নামঘৰ চৌহদ। ইফালে অধিৱেশনস্থলীত বিগত দুমাহ ধৰি ঘৰবাৰী ত্যাগ কৰি নিৰবিচ্চিন্ন ভাবেই সেৱা আগবঢ়াই আহিছে এজন ভকতে ।
কেৱল ভকত সকলক সেৱা আগবঢ়াবৰ বাবেই নিজৰ ঘৰ সংসাৰ এৰি অধিৱেশনস্থলীত নামঘৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি,চৌহদ চাফ-চিকুণ কৰা আৰু নামঘৰীয়াৰ দায়িত্ব নিষ্ঠাৰে পালন কৰি গৈছে চাৰিদুৱাৰৰ বিবেক বৰুৱা নামৰ নিষ্ঠাবান ভকত গৰাকীয়ে। এনেধৰণৰ নিষ্ঠাবান আৰু ত্যাগী সংঘৰ সেৱকৰ বাবেই হয়টো আজি শ্ৰীমন্ত শংকৰদেৱ শংকৰদেৱ সংঘই দেশৰ ভিতৰতেই একক সৰ্ববৃহৎ ধৰ্মীয় সামাজিক সাংস্কৃতিক অনুষ্ঠান হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে।
/asomiyapratidin/media/post_attachments/22e47ccb-311.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us