/asomiyapratidin/media/media_files/2026/01/20/1-2026-01-20-16-32-27.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ টুপিয়াত বিদ্যুৎ উপকেন্দ্ৰ আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ শক্তি বিতৰণ কোম্পানী লিমিটেডৰ জৰিয়তে সংস্থাপন কৰা জামুগুৰি বিদ্যুৎ উপসংমণ্ডল এলেকাৰ মুঢ়াদল মৌজা সামৰি টুপিয়াত ৩৩/১১ কেভিৰ টুপিয়া উপকেন্দ্ৰৰ শুভ উদ্বোধন কৰি বিধায়ক পদ্ম হাজৰিকাই ভাষণ প্ৰদান কৰে। তেওঁ কয় যে, এই উপকেন্দ্ৰৰ জৰিয়তে অঞ্চলটোৰ ৰাইজে নিয়মীয়াকৈ বিদ্যুৎ সেৱা লাভ কৰিবলৈ সক্ষম হ'ব।
/asomiyapratidin/media/post_attachments/224a2fac-388.png)
ইয়াৰ লগতে বিধায়ক গৰাকীয়ে কয় যে, নদুৱাৰ সমষ্টিবাসী ৰাইজে ২৪ ঘন্টাই বিদ্যুৎ সেৱা লাভ কৰটো নিশ্চিত হৈ পৰিছে। ৩৫ কি:মি দূৰত্বৰ পাভৈৰ পৰা চলি থকা শক্তি বিতৰণ ব্যৱস্থাৰ পৰিৱৰ্তে শীঘ্ৰে ১২ কি:মি:দূৰত্বৰ তেজপুৰৰ পৰাই এই শক্তি বিতৰণ ব্যৱস্থা হৈ উঠিব ৷ ইয়াৰ বাবে প্ৰয়োজনীয় ট্ৰেঞ্চফৰ্ম্মাৰ সংস্থাপনৰ বাবে চৰকাৰ তৰফৰ পৰা ইতিমধ্যেই ৯কোটি টকা অনুমোদন লাভ কৰিছে ৷ শক্তি বিতৰণ কোম্পানীয়ে এই কাম আগন্তুক তিনি মাহৰ ভিতৰত সম্পূৰ্ণ কৰি ৰাইজৰ নিয়মীয়া বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰিব ৷ উদ্বোধনী অনুষ্ঠানটিত জামুগুৰি বিদ্যুৎ উপসংমণ্ডল বিষয়া গৰাকীৰ লগতে শক্তি বিতৰণ কোম্পানীৰ উচ্ছপদস্থ বিষয়া বৰ্গইও অংশগ্ৰহণ কৰে ৷
/asomiyapratidin/media/post_attachments/041834db-f78.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us