/asomiyapratidin/media/media_files/2026/01/16/1-2026-01-16-11-57-50.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ শোণিতপুৰৰ জামুগুৰিহাটৰ বাকোলা গাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষৰ খেলপথাৰত বিগত বৰ্ষৰ দৰে এইবাৰো অহা ২২ জানুৱাৰীৰ পৰা ৪১ তম্ মফিজুদ্দিন আহমেদ সোঁৱৰণী দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ ব্যাপক আয়োজন চলিছে। অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত মফিজুদ্দিন আহমেদৰ স্মৃতিত তেখেতৰ সুযোগ্য পুত্ৰ উদ্যমী যুৱক বুলু আহমেদৰ বিশেষ তৎপৰতাত পৰিয়ালবৰ্গৰ সহযোগত অনুষ্ঠিত হৈ অহা ক্ৰিকেট প্ৰতিযোগিতা খনি শোণিতপুৰ জিলাৰ ভিতৰতে এখনি বিশেষ ভাবে উল্লেখযোগ্য প্ৰতিযোগিতা।
/asomiyapratidin/media/post_attachments/0b74f332-a62.png)
বাকোলা ক্ৰিকেট ক্লাবৰ উদ্যোগত সদৌ অসম ভিত্তিত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাত ৰাজ্যৰ বহুকেইটা আগশাৰীৰ ক্ৰিকেট দলে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিছে ক্ৰিকেট ক্লাবৰ সভাপতি আখটাৰ হুছেইন আৰু সম্পাদক চালেহ আহমেদে ।
ইফালে প্ৰতিযোগিতাৰ মুখ্য পৃষ্ঠপোষক বুলু আহমেদে জানিবলৈ দিয়ে যে- এই দিবা নৈশ ক্ৰীকেট প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ বিজয়ী দলক এইবাৰ নগদ ২ লাখ টকা আৰু ট্ৰফি আৰু দ্বিতীয় বিজয়ী দলক নগদ ৮০ হাজাৰ টকা আৰু ট্ৰফি প্ৰদান কৰিব ৷ মেন অৱ দ্য চিৰিজক প্ৰদান কৰা হ'ব একোখনকৈ আধুনিক বাইচাইকেল । ইয়াৰ উপৰিও ব্যক্তিগত শাখাটো প্ৰদান কৰিব ভালেকেইটা আকর্ষণীয় পুৰষ্কাৰ।
/asomiyapratidin/media/post_attachments/f9e75686-4d1.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us