/asomiyapratidin/media/media_files/2026/01/11/1-2026-01-11-21-12-14.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ ধলাইবিলৰ দৰ্জী বস্তিত সদৌ অসম গোৰ্খা দমাই সমাজৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়। এই উপলক্ষে পুৱাই বন্তি প্ৰজ্বলনেৰে কাৰ্য্যসূচী শুভাৰম্ভ কৰাৰ লগতে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতে অনুষ্ঠিত সাধাৰণ সভাৰ সভাপতিৰ আসন অলংকৃত কৰে গণেশ দমায়ে।
/asomiyapratidin/media/post_attachments/014e2a87-f67.png)
অনুষ্ঠানত দমাই সমাজৰ যুৱতী সকলে কোৰাছ পৰিৱেশন কৰে। ইপিনে সাধাৰণ সভাখনিত শোণিতপুৰ জিলা দমাই সমাজৰ নতুন কমিতিৰ সভাপতি সঞ্জীৱ দমাই, সম্পাদক হিৰু পৰিয়াৰকে ধৰি ৩২ জনীয়া কমিতিয়ে শপত গ্ৰহণ কৰে।সভাত গোৰ্খাৰ দমাই জাতি উন্নয়ন হকে সামাজিক, সাংস্কৃতিক আদি বিভিন্ন দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগিব বুলি মন্তব্য আগবঢ়ায় সদৌ অসম দমাই সমাজ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক বিনোদ বৰদেৱা আৰু কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক লীলা লাবৰে।
/asomiyapratidin/media/post_attachments/ecdf98dc-bc8.png)
অনুষ্ঠানটিত গোৰ্খা যুৱক যুৱতীসকলে পৰিৱেশন কৰা গীত নৃত্য আদিয়ে সকলো ৰাইজৰ মন আপ্লুত কৰে । গোৰ্খা দমাই সমাজৰ শোণিতপুৰ জিলা সমিতিৰ হৈ হিৰু পৰিয়াৰ আৰু লক্ষণ দৰ্জীয়ে অংশগ্ৰহণকাৰী সকলোকে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ বাবে ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে ।
/asomiyapratidin/media/post_attachments/6c3d85a5-b76.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us