জামুগুৰিৰ টৌভঙা প্ৰাথমিক বিদ্যালয়ত এন এফ ৰে'লৱে বিভাগৰ সজাগতা সভা

ৰে'লৱে কৰ্তৃপক্ষই ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি বনৰীয়া হাতীৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে ৰঙিয়া ৰে'ল মাণ্ডলিক কাৰ্যালয়ৰ নিৰ্দেশ মৰ্মে জামুগুৰিহাটৰ টৌভঙা প্ৰাথমিক বিদ্যালয়ত এখন সজাগতা সভা অনুষ্ঠিত কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  যোৱা ২০ ডিচেম্বৰত পুৱতি নিশা নগাঁও জিলাৰ উত্তৰ-পূব সীমান্ত ৰে’লৱে লামডিং সংমণ্ডলৰ অন্তৰ্গত যমুনামুখ–কামপুৰ অংশত ছৈৰাং–নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত ৮ টাকৈ বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ ঘটনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল। এই মৰ্মান্তিক ঘটনাৰ পাছতে বনৰীয়া হাতীৰ মৃত্যু ৰোধৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰে’লৱে বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। 

উল্লেখ্য যে, ৰে'লৱে কৰ্তৃপক্ষই ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি বনৰীয়া হাতীৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে ৰঙিয়া ৰে'ল মাণ্ডলিক কাৰ্যালয়ৰ নিৰ্দেশ মৰ্মে জামুগুৰিহাটৰ টৌভঙা প্ৰাথমিক বিদ্যালয়ত এখন সজাগতা সভা অনুষ্ঠিত কৰে। সভাত টৌভঙা গাঁও প্ৰধান আৰু বিশিষ্ট ব্যক্তি সকলৰ লগতে ৰঙিয়া ৰে'ল মাণ্ডলিক কাৰ্যালয়ৰ কল্যাণ পৰিদৰ্শক অসীম ডেকা, ৰবীন দাস আৰু ৰঙাপৰাৰ ‘চেভ এলিফেণ্ট’ সংস্থাৰ মুখ্য আহ্বায়ক পংকজ নাথকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

সভাত পংকজ নাথে খাদ্যৰ সন্ধানত গাঁও বা ৰে'ল পথৰ ওচৰলৈ ওলাই অহা বনৰীয়া হাতী ৰে'ল লাইন অতিক্ৰম কৰাৰ দৃশ্য দেখা পালে তৎক্ষণাৎ ৰে'লৱে বিভাগে মুকলি কৰা হেল্পলাইন নম্বৰত যোগাযোগ কৰিবলৈ ৰাইজক আহ্বান জনায়। তীব্ৰবেগী ৰে'লৰ খুন্দাত বনৰীয়া হাতীৰ মৃত্যু হ্ৰাস কৰিবলৈ ৰে'লৱে বিভাগে গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে সভাত উপস্থিত ৰাইজে বিভাগটোক ভূয়সী প্ৰশংসা কৰে। ইফালে, ৰাইজৰ সুবিধাৰ্থে আৰু তৎক্ষণাত খবৰ দিয়াৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱে বিভাগে ৯৯৫৭৫৫৪৬৮২ নম্বৰটো হেল্পলাইন হিচাপে মুকলি কৰিছে।

জামুগুৰি