/asomiyapratidin/media/media_files/2025/12/17/1-2025-12-17-09-37-00.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ চতিয়াত প্ৰশাসনে ছীল কৰিছে চৰকাৰী সুলভ মূল্যৰ দোকান। যোগান বিভাগে চতিয়াৰ পুৰণা চেন্টাৰৰ অশোক চাহু নামৰ সুলভ মূল্যৰ দোকানৰ এজেণ্ট গৰাকীয়ে দোকানত অবৈধ ভাৱে মজুত কৰা চৰকাৰী চাউল ২০ কুইন্টল ৩৬ কেজি ৪৩০ গ্ৰাম চৰকাৰী চাউল, ৫ কেজি চেনী, ১৩কেজি দালি আৰু 13 কেজি নিমখ জব্দ কৰে ৷
উল্লেখ্য যে,চৰকাৰী সুলভ মূল্যৰ সামগ্ৰী অবৈধ ভাবে মজুত কৰি ৰখাৰ অপৰাধত সুলভ মূল্যৰ দোকানখন ছীল কৰি দিয়া হয় । নিশা যোগান বিভাগৰ এটা দলে অভিযান চলাই সুলভ মূল্যৰ দোকানখনত। যোগান বিভাগৰ ফালৰ পৰা সুলভ মূল্যৰ দোকানী গৰাকীৰ বিৰুদ্ধ এজাহাৰ দাখিল কৰিব বুলি জানিবলৈ দিছে।
/asomiyapratidin/media/post_attachments/744603ea-7c5.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us