/asomiyapratidin/media/media_files/2025/11/28/1-2025-11-28-16-39-50.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ অসম চৰকাৰৰ কেবিনটে চাহ শ্ৰমিক সকলক ভূমি আৱন্টন দিয়া তথা মাটিৰ পট্টা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰাকলৈ উৎফুল্লিত হৈ পৰিছে চাহ বাগিছাৰ শ্ৰমিক সকল ৷ ইয়াকে লৈ জামুগুৰিহাটৰ দিকৰাই চাহ বাগিচাৰ পাঁচটা কৈ ডিভিজন চাহ শ্ৰমিক ৰাইজৰ হৈ অসম মজদুৰ সংঘ আৰু (আটছা) অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে চাহ শ্ৰমিক সকলক লৈ আনন্দ উৎসৱ পালন কৰে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/28/image-36-2025-11-28-16-36-34.png)
উল্লেখ্য যে চাহমজদুৰ সংঘ আৰু আটছাৰ বিষয়ববীয়া সকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী ৰূপেশ গুৱালাক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে। অনাগত দিনত চাহ শ্ৰমিক সকলৰ আন দাবী সমূহ পুৰ কৰাৰ বাবে আশাবাদী বুলি মন্তব্য কৰে বিষয়ববীয়া সকলে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/28/image-37-2025-11-28-16-37-11.png)
তাৰোপৰি চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে আজি সমবেত হৈ চাহ শ্ৰমিকক মটিৰ প্ৰদানৰ এক দীৰ্ঘ দিনীয়া দাবী পুৰন কৰাৰ বাবে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিছে। ইপিনে চাহ জনজাতিৰ লোকসকলক এছ টিৰ মৰ্যাদাকৰিবলৈও চৰকাৰক দাবী জনায় ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/28/image-38-2025-11-28-16-37-33.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us