জামুগুৰিহাটৰ আগ্ৰীপামৰ মডাৰ্ণ ইংলিছ স্কুলৰ বাৰ্ষিক সপ্তাহ সমাৰোহ সম্পন্ন

জামুগুৰিহাটৰ ৰঙাচকুৱাৰ আগ্ৰীপামস্থিত মডাৰ্ণ ইংলিছ স্কুলৰ বাৰ্ষিক সপ্তাহ সমাৰোহৰ শুকুৰবাৰে মূল সভা ও বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়৷ এই উপলক্ষে পুৱাই যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

author-image
Asomiya Pratidin
New Update
modrnscholl

ডিজিটেল সংবাদ, জামুগুৰিহাটঃজামুগুৰিহাটৰ ৰঙাচকুৱাৰ আগ্ৰীপামস্থিত মডাৰ্ণ ইংলিছ স্কুলৰ বাৰ্ষিক সপ্তাহ সমাৰোহৰ শুকুৰবাৰে মূল সভা ও বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়৷ এই উপলক্ষে পুৱাই যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

ইয়াৰ পাছতে অনুষ্ঠিত অনুষ্ঠানটিত বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশন কৰা কবিতা আবৃত্তি, গীত, নৃত্য আদিয়ে সকলোৰে মন আপ্লুত কৰে। লগতে বিদ্যালয়খনত অনুষ্ঠিত হোৱা বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাৰ স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আকৰ্ষণীয় বঁটা বিতৰণ কৰা হয়। 

বিদ্যালয় সপ্তাহ সমাৰোহ অনুষ্ঠানটিত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি জনপ্ৰিয় কণ্ঠশিল্পী প্ৰকাশ প্ৰধানে ছাত্ৰ-ছাত্ৰীক‌ উদ্দেশ্যি তত্বগধূৰ মন্তব্য আগবঢ়ায়। বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে যুৱ ব্যৱসায়ী গোবিন কাৰ্কি, বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি খগেন উপ্ৰেতি, যুৱ কণ্ঠশিল্পী ধনঞ্জয় দৈমাৰী, বৰ্ষীয়ান সমাজকৰ্মী বিষ্ণু প্ৰধান, সমাজসেৱী ৰাধা প্ৰধানকে ধৰি বহু গণ্য-মান্য ব্যক্তি। 

অনুষ্ঠানটিত উপস্থিত থকা অভিভাৱকসকলৰ লগতে ৰাইজক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে মডাৰ্ণ ইংলিছ স্কুলৰ প্ৰধান শিক্ষক সূৰয প্ৰধান আৰু শিক্ষয়িত্ৰী সুস্মিতা প্ৰধানে।

জামুগুৰিহাট